• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰী শ্ৰী বটদ্ৰৱা থান শাখা সত্ৰৰ গুৱাহাটী শংকৰী সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2018 10:35 am
বটদ্রবা সত্রৰ প্ৰকল্প.ফটো

সোমবাৰে গুৱাহাটী মহানগৰীৰ উষা নগৰত শ্ৰী শ্ৰী বটদ্ৰৱা থান শাখা সত্ৰৰ নামঘৰ আৰু শংকৰী সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন। ফটো : নৰ্থইষ্ট নাও

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাহিত্য কৃষ্টিৰ বৰভেটি প্ৰতিষ্ঠাৰে জাতীয় জীৱনক নতুন ৰঙেৰে সজাই পৰাই তোলা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আদি লীলা ভূমি শ্ৰীশ্ৰী বটদ্ৰৱা থান সমগ্ৰ বিশ্ব মানৱৰ আস্থা, বিশ্বাস আৰু ভক্তিৰ কেন্দ্ৰ। আজিৰ পৰা ৫৭০ বছৰ পূৰ্বে জগত গুৰু জনে আবিৰ্ভাৱ গ্ৰহণ কৰা এই পূণ্যধাম মহাগ্ৰাম বটদ্ৰৱাৰ পৰাই অসমীয়া সাহিত্য সংস্কৃতিৰ উত্তৰণ ঘটিছিল।

গুৰুজনাৰ মহান সৃষ্টিৰাজিৰ সংৰক্ষণ, প্ৰচাৰ, প্ৰসাৰৰ মহীয়ান লক্ষ্য আৰু উদ্দেশ্যৰে শ্ৰী শ্ৰী বটদ্ৰৱা থানে অবিৰতভাৱে প্ৰয়াস অব্যাহত ৰাখিছে। তেনে এক বিশ্ব অভিমুখী প্ৰয়াসৰ অন্যতম অংশ হিচাপে সোমবাৰে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ উষা নগৰত (বৰবাৰী) শ্ৰী শ্ৰী বটদ্ৰৱা থান শাখা সত্ৰৰ নামঘৰ আৰু শংকৰী সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়।

Apply Now

পৰম্পৰাগত সত্ৰীয়া কৃষ্টিৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ আনুষ্ঠানিকতাৰ মাজেৰে আয়তীৰ উৰুলি-মঙ্গল ধ্বনিৰে নামঘৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে শ্ৰী শ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামীয়ে।

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক ইন্দ্ৰমোহন বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰা, সাধাৰণ সম্পাদক ব্ৰজেন কাকতি আৰু কোষাধ্যক্ষ ঘনশ্যাম নাথ, অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী, প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত, শিৱসাগৰ বৰখাট সত্ৰৰ ডেকা সত্ৰাধিকাৰ জিতেন মহন্ত, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি হৰেন মহন্ত, প্ৰাক্তন সাধাৰণ সম্পাদক ডাঃ  প্ৰদীপ মহন্ত, থানৰ বৰ নাম লগোৱা প্ৰমুখ্যে বিষয়ববীয়া সকল উপস্থিত থাকে।

তদুপৰি, পৰিচালনা সমিতিৰ সদস্য-সকল, বটদ্ৰৱা থানৰ ডম্বৰুধৰ গায়ন, কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষা বিষয়া ড০ দিব্যজ্যোতি মহন্তকে প্ৰমুখ্যে ভকত বৈষ্ণৱ সকলৰ লগতে গুৱাহাটীৰ স্থানীয় উষা নগৰ অঞ্চলৰ ভকত বৈষ্ণৱ আৰু আইমাতৃ সকলৰ সহিতে সহস্ৰাধিক ৰাইজ উপস্থিত আছিল।

বটদ্ৰৱা থানলৈ বিভিন্ন সময়ত আগমন ঘটা দেশৰ তথা বহিঃবিশ্বৰ দৰ্শনাৰ্থী, পৰ্যটক সকল গুৱাহাটীত থকা মেলাৰ সুবিধাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখি বটদ্ৰৱা থানৰ শাখা সত্ৰত  অত্যাধুনিক সা-সুবিধা যুক্ত অতিথিশালা আৰু শংকৰী সংস্কৃতিৰ প্ৰকল্প নিৰ্মাণৰ ব্যৱস্থা লোৱা হ’ব বুলি সমিতিয়ে জনাইছে।

বটদ্ৰৱা থানৰ শাখা সত্ৰৰ নামঘৰ আৰু শংকৰী সংস্কৃতিৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণী অনুষ্ঠানৰ লগত সংগতি ৰাখি নাম-প্ৰসঙ্গও অনুষ্ঠিত হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd