NORTHEAST NOW (Assamese)

মাটিত জেট এয়েৰৱে’জ: অগ্ৰিম বুকিঙৰ দুৰ্দশাৰ মাজতে আত্মহত্যা কৰ্মচাৰীৰ

April 27, 2019 10:19 pm · এন ই নাও নিউজ
Updated: April 27, 2019 10:36 pm
প্ৰতীকী ছবি। সৌজন্য-- Livemint।

বন্ধ হৈ যোৱা জেট এয়েৰৱে’জৰ অগ্ৰিম টিকেট বুকিং কৰা উত্তৰ-পূবৰ বহুসংখ্যক লোকৰ দুৰ্দশাৰ মাজতে আত্মহত্যাৰ পথ লৈছে এয়েৰলাইনটোৰ এজন কৰ্মচাৰীয়ে।

সূত্ৰ অনুসৰি, সুখৰ দিনত অসমতো কাম কৰি যোৱা শৈলেশ সিং নামৰ জেটৰ জ্যেষ্ঠ তে’কনিচিয়ানজনে হঠাতে চাকৰি হেৰুওৱাৰ ফলতেই এই পথ বাচি লয়।

ইন্দিয়া তুদে’ৰ বাতৰি মতে, মহাৰাষ্ট্ৰৰ পালঘাৰ জিলাৰ নালাচ’পাৰা পূবৰ চাৰিমহলীয়া ফ্লেটৰ চাঁদৰ পৰা শুকুৰবাৰে সন্ধিয়া জঁপিয়াই তেওঁ আত্মহত্যা কৰে। সিঙে পত্নীসহ দুটিকৈ ল’ৰা আৰু ছোৱালী এৰি গৈছে।

জেট এয়েৰৱে’জ স্তাফ আৰু এমপ্লয়িজ এচ’ছিয়ে’চনৰ মতে, “বিত্তীয় দুৰ্দশা”ত দিশহাৰা হৈয়ে চাকৰি হেৰুওৱা কৰ্মীজনে আত্মহত্যাৰ পথ লৈছে। জেট বন্ধ হৈ যোৱাৰ পিছত এইটোৱে কৰ্মচাৰীৰ প্ৰথম আত্মহত্যাৰ ঘটনা বুলি জানিব পৰা গৈছে।

আনহাতে আৰক্ষীৰ উদ্ধৃতিৰে বাতৰিটোত কোৱা হৈছে, “তেওঁ কেন্সাৰত ভুগি আছিল আৰু কেম’ থেৰাপি লৈ আছিল। দেখাত, তেওঁ ৰোগজনিত হতাশাত ভুগিছিল বুলি ধাৰণা কৰা হৈছে।”

বন্ধ হৈ যোৱা কাম্পেনিটোৱে অভিযন্তা, পাইলত আৰু জ্যেষ্ঠ পৰিচালকসকলক যোৱা বছৰৰ ডিচেম্বৰ পৰ্য্যন্ত দৰমহা দিয়াৰ বিপৰীতে আন কৰ্মচাৰীসকলে এই বছৰৰ ফেব্ৰুৱাৰিলৈকে দৰমহা পাইছিল।

Related News