কোভিড১৯ৰ আতংকৰ মাজতে বিশ্বৰ বিভিন্ন দেশত আৱদ্ধ হৈ আছে উত্তৰ পূৱৰ বহু শিক্ষাৰ্থী।
ইফালে কিৰ্গিস্তানতো আৱদ্ধ হৈ আছে উত্তৰ-পূবৰ প্ৰায় দুশ ছাত্ৰ-ছাত্ৰী।
যোৱা ২২ মাৰ্চৰ পৰা কেন্দ্ৰীয় চৰকাৰে আন্তৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ কৰি দিয়াৰ ফলত নিজ গৃহলৈ ওভতি আহিবলৈ সক্ষম নহ’ল এইসকল উত্তৰ পূৱৰ শিক্ষাৰ্থী।
ইফালে ভাৰত চৰকাৰে আগবঢ়োৱা ‘বন্দে ভাৰত মিছন’ৰ অধীনত স্বদেশলৈ উভতিবলৈ আবেদন কৰিও সুফল লাভ কৰা নাই আৱদ্ধ শিক্ষাৰ্থীসকলে।
উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলে কিৰ্গিস্তানৰ ভাৰতীয় দূতাবাসৰ সহায় বিচাৰিও সহায় লাভ কৰা নাই বুলি অভিযোগ কৰিছে অসমৰ কেইবাজনো আৱদ্ধ ছাত্ৰই।
কিৰ্গিস্তানত অসমৰ প্ৰায় ৮৪ গৰাকী, অৰুণাচল প্ৰদেশৰ ১২ গৰাকী, মণিপুৰৰ ১০৪ গৰাকী, নাগালেণ্ডৰ এগৰাকী মিজোৰামৰ ৩ গৰাকী, ত্ৰিপুৰাৰ দুগৰাকী ছাত্ৰ-ছাত্ৰী আৱদ্ধ হৈ আছে।
ইফালে ৰাজ্য চৰকাৰসমূহৰ সৈতে যোগাযোগ কৰিও কোনো সঁহাৰি পোৱা নাই বুলি প্ৰকাশ কৰিছে শিক্ষাৰ্থীসকলে।
‘বন্দে ভাৰত মিছনৰ অধীন’ত ইতিমধ্যে কিৰ্গিস্তানৰ পৰা দিল্লী, জয়পুৰ, হায়দৰাবাদ, পাটনা আদিলৈ প্ৰথম পৰ্যায়ত বিমান আহিছে।
দ্বিতীয় পৰ্যায়তো দিল্লী, ভূপাল, কলকাতা আদিলৈ বন্দে ভাৰত মিছনৰ বিমান সেৱাৰ নিশ্চিত হৈছে যদিও এই বিমানসমূহত অহাৰ সুবিধা পোৱা নাই উত্তৰ-পূবৰ শিক্ষাৰ্থীসকলে।
প্ৰায় দুশ ছাত্ৰ-ছাত্ৰী থকাৰ পাছতো গুৱাহাটীলৈ দেশখনৰ পৰা কোনো বিমানৰ ব্যৱস্থা এই পৰ্যন্ত হোৱা নাই।
এতিয়া আৱদ্ধ ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅ’যোগে তেওঁলোকক ঘৰলৈ ওভতাই অনাৰ ব্যৱস্থা কৰাৰ বাবে কাতৰ আহ্বান জনাইছে চৰকাৰক।
বিশ্বজুৰি অব্যাহত থকা ক’ৰ’নাতংকৰ সময়ত আৱদ্ধ এইসকল শিক্ষাৰ্থীয়ে কিৰ্গিস্তানত যথেষ্ঠ সমস্যা আৰু শংকাত দিন কটাবলগীয়া হৈছে।