সৰুসজাইত চেন্নাইৰ বিৰুদ্ধে নৰ্থইষ্ট ইউনাইটেডৰ বিজয় সাৱ্যস্ত

NEUC-FC-750x375

নৰ্থইষ্ট ইউনাইটেড আৰু চেন্নাইৰ মাজৰ খেলৰ এটি মুহূৰ্ত। ফটো : গল ডটকমৰ সৌজন্যত

গুৱাহাটীৰ সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত ২০১৮-১৯ বৰ্ষৰ ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল)ৰ এখন খেলত নৰ্থইষ্ট ইউনাইটেড এফ চিয়ে চেন্নাইয়িন এপ চিক ১-০গলৰ ব্যৱধানত পৰাজিত কৰি বিজয় সাৱ্যস্ত কৰে।

খেলখনৰ ৮৭ মিনিটত নৰ্থইষ্টৰ ষ্ট্ৰাইকাৰ বাৰ্থ’ল’মেও অগৱেচেৰ একমাত্ৰ গলটোৰ সহায়ত ঘৰুৱা দলটোৱে চেন্নাইক পৰাস্ত কৰি গুৰুত্বপূৰ্ণ তিনি পইন্ট লাভ কৰিবলৈ সক্ষম হয়।

ইপিনে, শনিবাৰে ৰেহেনেশ টি পিক যোৱা অক্টোবৰৰ প্ৰথমভাগত চাৰিখন মেচৰ পৰা নিলম্বন কৰাৰ পাছত প্ৰথমবাৰৰ বাবে দলটোত দেখা পোৱা গ’ল।

তদুপৰি, দলটোত এতিয়া মিছলাভ কমৰস্কি সাজু হৈ উঠাৰ বাবে জুৱান মেছচিয়াই কমৰস্কিক স্থান এৰি দিবলগীয়া হ’ব পাৰে।

আনহাতে, চেন্নাইয়িন এফ চিত ছয়জন খেলুৱৈৰ পৰিৱৰ্তন কৰা হয়। কেল্ডাৰন আৰু ছেলমক দলত স্থান দিয়া নহ’ল।

অনিৰুদ্ধ থাপা আৰু জেজে লালপেখলুৱাক ৰিজাৰ্ভ বেঞ্চত ৰখাৰ লগতে নতুনকৈ দলত অন্তৰ্ভুক্ত হোৱা চি কে ৱিনিথ আৰু হলিচৰম নাৰ্জাৰীক দলত ৰখা হয়।

নৰ্থইষ্ট ইউনাইটেড এফ চিয়ে এতিয়া ২৩ পইন্টেৰে গোৱাৰ সৈতে একেলগে তালিকাৰ তৃতীয় স্থানত আছে। অৱশ্যে দলটোৱে তালিকাৰ শীৰ্ষত থকা বেংগালুৰু এফ চিৰ বিপৰীতে দুখন অধিক খেল খেলিবলৈ বাকী আছে।