কাইলৈ নৰ্থ-ইষ্ট য়ুনাইটেড ছেমিৰ প্ৰথম লেগত বেংগালুৰু এফ চিৰ বিৰুদ্ধে; টিকটত ১০০ টকা ৰেহাই

গুৱাহাটীৰ অনুৰাগীক উপস্থিত থাকিবলৈ অসমীয়াতে আহ্বান অধিনায়ক, নাইজেৰিয়ান তাৰকা অগবেচেৰ

North East United Semis

আই এছ এলত প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ কৰা নৰ্থ-ইষ্ট য়ুনাইটেডে প্ৰথম লেগৰ খেলত শক্তিশালী আৰু শীৰ্ষস্থানৰ দল বেংগালুৰু এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ঘৰুৱা খেলপথাৰত হ’ব লগীয়া খেলখনত দলটোৰ মেনেজমেণ্টে দৰ্শকৰ উষ্ম সঁহাৰি আশা কৰিছে। দলটোৰ টুইটাৰত কোৱা হৈছে, “আহক ষ্টেডিয়াম পূৰ্ণ কৰি দিওঁ, শেষবাৰৰ বাবে”।

গোটেই ছিজনটোতে আশাব্যঞ্জক প্ৰদৰ্শন আগ বঢ়াই অহা নৰ্থ-ইষ্ট য়ুনাইটেডে “কাইলৈ আটাইতকৈ ভাল প্ৰদৰ্শন কৰিব”, এই আশা পুহি আছে অনুৰাগীসকলেও। অঞ্চলটোত যথেষ্ট ফুটবলপ্ৰেমী আৰু নৰ্থ-ইষ্ট য়ুনাইটেডৰ সমৰ্থক থকালৈ চাই কাইলৈৰ খেলত ষ্টেডিয়াম ভৰি উঠিব পাৰে।

কাইলৈ জয়ী হৈ থাকিলে ছেমিৰ দ্বিতীয় লেগৰ খেল ড্ৰ ৰাখিলেও ফাইনেললৈ উন্নীত হ’ব দলটো, যিটো প্ৰথমবাৰৰ বাবে হ’ব। দল দুটাৰ দ্বিতীয় লেগৰ খেল আছে ১১ মাৰ্চত। গুৰুত্বপূৰ্ণ হ’ব পাৰে ডাচ্ছ প্ৰশিক্ষক এলকো স্কাটৰী (Eelco Schattorie) ৰ গেইম প্লেন আৰু অধিনায়ক অগবেচেৰ প্ৰদৰ্শন।

উল্লেখ কৰিব পাৰি যে এইখনে হ’ব নৰ্থ-ইষ্ট য়ুনাইটেডে নিজৰ খেলপথাৰত খেলা অন্তিম খেল। গতিকে দলৰ মেনেজমেণ্টে ঘৰুৱা দৰ্শকৰ বাবে ৰেহাইৰ দামত টিকট এৰি দিছে। ২৫০ টকাৰ পৰিৱৰ্তে ১৫০ টকাত টিকট আগ বঢ়োৱা বুলি জানিব পৰা গৈছে।

দলটোৰ স্বত্বাধিকাৰী জন আব্ৰাহামে দলটোক সমৰ্থন কৰিবলৈ উত্তৰ-পূবৰ অনুৰাগীসকলক ষ্টেডিয়ামলৈ যাবলৈ ইতিমধ্যে এটা অনুৰোধ কৰিছে। অধিনায়ক তথা নাইজেৰিয়ান ফ’ৰৱাৰ্ড বৰ্থলমিউ অগবেচেক (Bartholomew Ogbeche) এটা বাণীবদ্ধ ভিডিঅ’ৰ জৰিয়তে অসমীয়াতে দৰ্শকসকলক উপস্থিত থাকিবলৈ আহ্বান জনোৱা দেখা গৈছে।

“কি খবৰ গুৱাহাটীবাসী? আশা কৰিছো যে ৭ মাৰ্চত আমাৰ খেল চাবলৈ সকলো আহি আছে”, অশেষ কষ্টস্বীকাৰ কৰি ভঙা অসমীয়াত আহ্বান তাৰকা খেলুৱৈজনৰ।

ছেমিত দুয়োটা লেগৰ খেলৰ ফলাফলত আগ বাঢ়ি থকা দলটোৱে মুম্বাই চি টি আৰু এফ চি গোৱাৰ মাজৰ বিজয়ীৰ সৈতে ফাইনেল খেলিব। ফাইনেল ১৭ মাৰ্চত মুম্বাইত অনুষ্ঠিত হ’ব। আই এছ এলৰ পূৰ্বৰ চাৰিটা ছিজনত কলকাতা আৰু চেন্নাই, দুয়োটাই দুবাৰকৈ খিতাপ দখল কৰিছে। কিন্তু এইবাৰ দুয়োটা দলেই ছেমিত প্ৰৱেশ কৰিবলৈ অসমৰ্থ হয়।