মুম্বাইৰ বিৰুদ্ধে ২-০ গ’লত জয়ী নৰ্থ-ইষ্ট য়ুনাইটেড; পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত

NorthEast-United-FC-

ফাইল ফটো

আজি মুম্বাইত অনুষ্ঠিত হোৱা আই এছ এলৰ এখন তীব্ৰ উত্তেজনাপূৰ্ণ খেলত মুম্বাই চিটি এফ চিক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে নৰ্থ-ইষ্ট য়ুনাইটেডে। প্লে-অফত স্থান নিশ্চিত কৰাৰ বাবে আজিৰ এই বিজয়ে দলটোক যথেষ্ট পৰিমাণে সহায় কৰিব।

উত্তেজনাপূৰ্ণ মেচখনৰ প্ৰথমাৰ্ধৰ ৪ মিনিটতে ৰাওলিন বৰ্জেছৰ সহায়ত আলহী দল নৰ্থ-ইষ্ট য়ুনাইটেডে ১-০ৰ অগ্ৰগতি লাভ কৰিছিল। ১ গ’লত পিছ পৰাৰ পাছত ঘৰুৱা দলটোৱে প্ৰত্যাৱৰ্তনৰ বাবে প্ৰচেষ্টা চলাইছিল যদিও নৰ্থ-ইষ্ট য়ুনাইটেডৰ হৈ তাৰকা খেলুৱৈ ওগবেছে ৩৩ মিনিটত দ্বিতীয়টো গ’ল স্ক’ৰ কৰি এক প্ৰকাৰ দিশহাৰা কৰি তোলে মুম্বাই চিটিক।

২ গ’লত পিছ পৰি ৰোৱাৰ পাছত ঘৰুৱা দলটোৱে আক্ৰমণ তীব্ৰতৰ কৰি তোলে যদিও গ’লশূণ্য ভাৱে সমাপ্ত হয় প্ৰথমাৰ্ধৰ খেল।

ইফালে দ্বিতীয়াৰ্ধত ঘৰুৱা দলটোৱে নৰ্থ-ইষ্টৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হোৱা পৰিলক্ষিত হয়। মুম্বাইৰ খেলুৱৈসকলে নৰ্থ-ইষ্টৰ শিবিৰত এটাৰ পাছত এটাকৈ আক্ৰমণ চলাই যায় যদিও ব্যৰ্থ হয় গ’ল স্ক’ৰ কৰাত। আৰু এইদৰে মেচখন ২-০ৰ ব্যৱধানত নৰ্থ-ইষ্ট য়ুনাইটেডে বিজয় সাব্যস্ত কৰে।

নৰ্থ-ইষ্ট য়ুনাইটেডৰ বাবে আজিৰ মেচখন আছিল অত্যন্ত গুৰুত্বপূৰ্ণ। কিয়নো প্লে-অফত স্থান নিশ্চিত কৰিবলৈ হ’লে আজিৰ মেচখনৰ পৰা দলটোৱে যিকোনো প্ৰকাৰে পইণ্ট সংগ্ৰহ কৰাটো আছিল জৰুৰী।

ইফালে আজিৰ এই বিজয়ৰ লগে লগে নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হয়। নৰ্থ-ইষ্টে এই পৰ্যন্ত ১৬খন মেচৰ পৰা ২৭ পইণ্ট সংগ্ৰহ কৰিছে।