ৰাজ্যসভাৰ আসনক লৈ হোৱা অগপ-বিজেপিৰ মাজৰ চুক্তিৰ বিষয়ে অৱগত নহয় ৰঞ্জিত দাস

Ranjit Das

বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ ফাইল ফটো

অহা জুন মাহত ৰাজ্যসভাত অসমৰ খালী হ’ব লগীয়া দুখন আসনৰ এখন আসন বিজেপিয়ে মিত্ৰজোঁট অসম গণ পৰিষদক এৰি দিব বুলি কৰা কোনো চুক্তি তথা প্ৰতিশ্ৰুতি সম্পৰ্কে অৱগত নহয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস।

প্ৰাক্তন প্ৰধান মন্ত্ৰী কংগ্ৰেছৰ সদস্য ড০ মনমোহন সিং আৰু শান্তিয়াছ কুজুৰৰ কাৰ্যকাল অহা ১৪ জুন মাহত অন্ত পৰিব যাৰ ফলত আসন দুখন খালী হ’ব। ইয়াকে লৈ এতিয়া অগপ-বিজেপিৰ মাজত টনা-আঁজোৰা চলা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে ৰাজ্যসভাৰ আসন সম্পৰ্কত অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই লোকসভা নিৰ্বাচনৰ পূৰ্বে অগপ-বিজেপিৰ মাজত হোৱা চুক্তি অনুসৰি ৰাজ্যসভাৰ খালী হ’ব লগীয়া দুখন আসনৰ বিজেপিয়ে এখন আসন আঞ্চলিক দলটোক এৰি দিব লাগে কৰা মন্তব্যৰ এদিন পাছতে বিজেপিৰ সভাপতিগৰাকীৰ এই মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে।

বিজেপিৰ দুই বিধায়ক নোমল মমিন আৰু শিলাদিত্য দেবে দুয়োখন আসনতে বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে বুলি কৰা মন্তব্যৰ বিপৰীতে অগপৰ সাধাৰণ সম্পাদক গৰাকীয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে হোৱা ‘জেণ্ট’লমেন চুক্তি’ৰ কথা মনত পেলাই দিয়ে বিজেপিক।

‘লোকসভা নিৰ্বাচনৰ পূৰ্বে এজিপি আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ মাজত হোৱা চুক্তিৰ বিষয়ে মই অৱগত নহয়। এই সম্পৰ্কত কেন্দ্ৰীয় নেতৃত্বই মোক একো জনোৱা নাই’। ৰাজ্যসভাৰ আসনক লৈ দুয়োটা দলৰ মাজত চলা টনা-আঁজোৰাৰ সময়তে মঙলবাৰে এই মন্তব্য কৰে ৰঞ্জিত দাসে।

ইয়াৰ উপৰি ৰাজ্যসভাৰ আসন দুখন সম্পৰ্কত দলৰ মজিয়াত এতিয়াও আলোচনা হ’বলৈ বাকী আছে বুলি দাসে মন্তব্য কৰে।

আনহাতে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত অগপই তিনিটা লোকসভা সমষ্টিৰ বিপৰীতে দুটা সমষ্টিতহে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচাৰিছিল বুলিও তাৎপৰ্যমূলক মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে।