“২০ লাখ নালাগে, হত্যাকাৰীক আনি দিয়ক”, অৰুণাচলৰ আন্দোলনত নিহতৰ পৰিয়াল

"দেশৰ কোনখন আইনে আৰক্ষীক গণতান্ত্ৰিক আন্দোলনকাৰীক গুলীয়াই হত্যা কৰাৰ অনুমতি দিয়ে?”

Risso Tari

আন্দোলনত নিহত ৰিছো টাৰিৰ পৰিয়ালৰ সংবাদমেল। ইটানগৰত, ২ মাৰ্চত।

৬টা জনগোষ্ঠীক ৰাজ্যখনৰ স্থায়ী বাসিন্দা হিচাপে প্ৰমাণপত্ৰ দিয়াৰ বিৰোধিতাত কৰা আন্দোলনৰ সময়ত নিৰাপত্তাৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা ৰিছ’ টাৰিৰ আত্মীয়ই চৰকাৰ ঘোষিত এককালীন সাহায্য ল’বলৈ অস্বীকাৰ কৰিছে। কিন্তু এককালীন সাহায্য অগ্ৰাহ্য কৰাৰ বিনিময়ত তুলিছে এটা পূৰণ অসম্ভৱপ্ৰায় দাবী।

আজি এখন সংবাদমেলত পৰিয়ালটোৱে এককালীন সাহায্যৰ বিপৰীতে চৰকাৰক দাবী কৰিছে টাৰিক হত্যা কৰা নিৰাপত্তাৰক্ষীজনক আনি তেওঁলোকৰ হাতত চমজাই দিয়াৰ বাবে। চৰকাৰৰ উপৰি ৪৮ ঘণ্টীয়া বন্ধটো আহ্বান কৰা সংগঠনবোৰৰকো এই দাবী কৰিছে পৰিয়ালটোৱে।

কুৰুং কামেই জিলাৰ লেয়িং গাঁও নিৱাসী ২২ বছৰীয়া টাৰি আন্দোলনটোত মৃত্যু হোৱা ৩জন লোকৰ প্ৰথমজন আছিল আৰু তেওঁৰ ২২ ফেব্ৰুৱাৰিৰ দিনা আৰক্ষীৰ গুলীচালনাত মৃত্যু হৈছিল। আন দুজন আছিল বিকি ৰাজু (২০) আৰু ছেৰিং ৱাংডি (৩৪)। ৰাজু আৰু ৱাংডিৰ মৃত্যু হৈছিল ২৪ ফেব্ৰুৱাৰিত মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ বাসগৃহৰ সন্মুখত কৰা প্ৰতিবাদৰ সময়ত।

উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশ চৰকাৰে মৃতসকলৰ আত্মীয়লৈ ঘটনাৰ পিছতে ২০ লাখকৈ টকাৰ এককালীন সাহায্যৰ লগতে পৰিয়ালৰ একোজনলৈ চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে। আহতসকললৈ ১০ লাখ টকা সাহায্য ঘোষণা কৰিছে খাণ্ডু চৰকাৰখনে।

কিন্তু আজি ইটানগৰৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি ৰিছো টাৰিৰ ককায়েক ৰিছো কিয়াংগুঙে ভায়েকৰ মৃত্যু এটা দুৰ্ঘটনা নহয়, বৰং শীতল মস্তিষ্কৰে কৰা এটা পৰিকল্পিত হত্যা। “এইটো এটা পূৰ্ব পৰিকল্পিত হত্যা, যিটো কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে কৰিছে”, ৰিছো কিয়াংগুঙে সংবাদমেলত কয়।

“দেশত এনে কোনো আইন নাই, যি গণতান্ত্ৰিক আন্দোলনকাৰীক গুলীয়াই হত্যা কৰাৰ আৰক্ষীক অনুমতি দিয়ে। গণতান্ত্ৰিক আন্দোলনক ছত্ৰভংগ দিয়াবলৈ অন্যান্য বহুতো বিকল্প পথ আছে। কিন্তু জিলা প্ৰশাসন আৰু আৰক্ষীয়ে ইচ্ছাকৃতভাৱে এই বিকল্পবোৰ এৰি চলিলে”, ক্ষুভিত হৈ থকা ককায়েকৰ গুৰুতৰ অভিযোগ প্ৰশাসনৰ বিৰুদ্ধে।

তেওঁ পৰিয়ালটোৱে কেতিয়াও চৰকাৰৰ পৰা ক্ষতিপূৰণ বিচৰা নাছিল বুলি জানিবলৈ দিয়ে।

“আমি ক্ষতিপূৰণ কেতিয়াও নলওঁ, যিহেতু আমি বিচৰা নাই”, আঁকোৰগোঁজ ৰিছো কিয়াংগুঙে কয়।

তেওঁ গুলীচালনাৰ নিৰ্দেশ দিয়া ব্যক্তিজনৰ নাম প্ৰকাশ কৰিবলৈ চৰকাৰক দাবী জনায়।

“ৰাজ্যখনৰ গৃহ মন্ত্ৰীজনে অলপতে ক’লে যে তেওঁ ফায়াৰিং অৰ্ডাৰটোৰ বিষয়ে অৱগত নহয়। তেওঁ যদি ফায়াৰিং অৰ্ডাৰ দিয়া নাছিল, তেন্তে কোনে দিছিল”, প্ৰশ্ন ৰিছো কিয়াংগুঙৰ।

তেওঁ খাণ্ডুৱে মৃতকেইজনৰ পৰিয়ালৰ সৈতে সঘনে যোগাযোগ কৰা বুলি কৰা দাবীও অস্বীকাৰ কৰে। চৰকাৰৰ ফালৰ পৰা কোনো এজনেই সৌজন্যসূচক ভ্ৰমণ কৰা নাই তেওঁলোকৰ ঘৰলৈ।

ৰিছো কিয়াংগুঙে ছাত্ৰ সংগঠনবোৰকো সমালোচনা কৰে। উক্ত ঘটনাটোৰ সূত্ৰপাত ঘটোৱা বন্ধটোক তেওঁ ‘নেতাবিহীন বন্ধ’ আৰু “অবৈধ” আখ্যা দিয়ে।

গুলীওৱা নিৰাপত্তাৰক্ষীজনক তেওঁলোকৰ হাতত গতাই দিলে কি কৰিব বুলি সাংবাদিক সোধা এটা প্ৰশ্নৰ উত্তৰত তেওঁ জানিবলৈ দিয়ে যে নিছি জনজাতিৰ নিয়ম অনুসাৰে শাস্তি দিয়া হ’ব।