‘জাতিধ্বংসী’ বিধেয়কক অসমৰ সাংসদৰ সমৰ্থনৰ বিপৰীতে বিৰোধিতা বাঙালী, মাৰাঠী, ওড়িয়া সাংসদৰ

সৰ্বাধিক প্ৰভাৱিত হ'ব পৰা ৰাজ্য অসমৰ সাংসদ, প্ৰধান মন্ত্ৰী, মন্ত্ৰী, বিধায়কে জাতিতকৈ অগ্ৰাধিকাৰ দিছে দলৰ স্বাৰ্থক

Home-Minister-750x375

গৃহ মন্ত্ৰী ৰাজনাথ সিং। ফাইল ফটো।

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ পৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব পৰা ৰাজ্য হিচাপে অসমৰ সাংসদসকলে দলৰ স্বাৰ্থতকৈ অসমীয়াৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব লাগিছিল যদিও সেয়া বাস্তৱত দেখা নগ’ল।

ৰাজ্যখনৰ এই সংকটকালত অসমৰ সাংসদসকলে একোৱেই ভূমিকা নল’লে বুলি ক’ব পাৰি। কংগ্ৰেছৰ সাংসদসকলে সদনত্যাগেৰে প্ৰতিবাদ কৰাৰ বিপৰীতে অসমৰ বিজেপিৰ সাংসদকেইজনে বিধেয়কখনক দলৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি সমৰ্থন কৰিলে। গুৱাহাটী সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে বিধেয়কখনৰ সমৰ্থনত বক্তব্যও ৰাখে।

ইয়াৰ বিপৰীতে অসমীয়াৰ স্বাৰ্থত লোকসভাত বিধেয়কখনৰ বিৰোধিতা কৰি মাত মাতিলে কেইবাজনো অনা অসমীয়া সাংসদে। বাঙালী,. মাৰাঠী, ওৰিয়া আদি ভাষিক সম্প্ৰদায়ৰ কেইবাজনো সাংসদে বিধেয়কখনৰ বিৰোধিতা কৰিলে। তেওঁলোকে সাংবিধানিক প্ৰমূল্যৰ দোহাই দি এই বিৰোধিতা কৰাৰ লগতে অসমৰ মানুহৰ শংকাৰ প্ৰসংগও টানি আনে।

উল্লেখযোগ্য যে ৮ জানুৱাৰিত লোকসভাৰ মজিয়াত শিৱসেনা. বিজু জনতা দল, চি পি আই (এম) আৰু তৃণমূলৰ সাংসদে বিধেয়কখনৰ বিৰোধিতাত সৰৱ ভূমিকা লয়।

আনহাতে কম প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থাকিলেও চুবুৰীয়া মেঘালয়ৰ মুখ্য মন্ত্ৰীয়েও বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছে। আনকি মুখ্য মন্ত্ৰীজনে বিজেপিৰে থকা মিত্ৰতা ছেদ সন্দৰ্ভতো চিন্তা-চৰ্চা কৰা বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমত। একেদৰে নাগালেণ্ড কেবিনেটেও কেন্দ্ৰক বিধেয়কখনৰ পৰা ৰাজ্যখনে বহুতো সমস্যাৰ সন্মুখীন হ’ব বুলি জনাই পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছিল।

কিন্তু এইবোৰ উদাহৰণৰ পৰিৱৰ্তে সৰ্বাধিক প্ৰভাৱিত হ’ব পৰা অসমৰ মুখ্য মন্ত্ৰী দলৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি মৌনতাৰে বিধেয়কখনক সমৰ্থন দি আছে। তেওঁ ‘খিলঞ্জীয়াৰ ক্ষতি হ’ব পৰা কাম মই নকৰো’, ‘অসমৰ মানুহ শংকিত হ’ব নালাগে’ ইত্যাদি কথাৰে সেই পুৰণি ৰেকৰ্ডখনকে এই কেইদিনো বজাই আছে।

আনপিনে যিসময়ত সমগ্ৰ অসমৰ ৰাইজ, দল-সংগঠনে বিধেয়কখনৰ বিৰোধিতা কৰি আন্দোলনৰ পথ লৈছে, সেই সময়তে এজন বিত্ত মন্ত্ৰী হিমন্তই “বিধেয়কখন গৃহীত কৰা বাবে অসমীয়া মানুহৰ হৈ মোদীক ধন্যবাদ দিছোঁ” বুলি কৈ অসমৰ মানুহৰ শংকা, অধিকাৰৰ চিন্তা-চেষ্টাক চৰম উপলুঙা কৰিছে। অসমীয়া মানুহে যিটো কাৰণক জাতিৰ সংকট বুলি ধৰি আন্দোলন কৰিব লগীয়া হৈছে, সেই ‘কাৰণ’টো অনাৰ বাবেই মোদীক ধন্যবাদ দি হিমন্তই কি বুজাব খুজিছে?

অসমৰ সাংসদ, মুখ্য মন্ত্ৰী, মন্ত্ৰী, বিধায়কসকলৰ দলৰ স্বাৰ্থক জাতিৰ স্বাৰ্থতকৈ অগ্ৰাধিকাৰ দিয়া স্বভাৱ জাতিটোৰ বাবেই এক অভিশাপ বুলিব পাৰি।

আজি ৰাজ্যসভাত বিধেয়কখন পাছ হ’লে অসমীয়াই কৰা আন্দোলনবোৰ অৰ্থহীন হৈ পৰিব আৰু কেৱল আদালতৰ মজিয়াৰ বাদে আন একো উপায় নাথাকিব ইয়াক বাধা দিয়াৰ।