NORTHEAST NOW (Assamese)

কংগ্ৰেছ-এ আই য়ু ডি এফৰ মিত্ৰতাক লৈ চিন্তিত নহয় বিজেপি : সাংসদ পল্লৱ দাস

August 16, 2020 4:00 pm · এন ই নাও নিউজ
Updated: August 16, 2020 4:04 pm
সাংসদ পল্লৱ লোচন দাসৰ ফাইল ফটো

সুযোগ সুবিধা পালেই বিৰোধী কংগ্ৰেছক সমালোচনা কৰা তেজপুৰৰ সাংসদ তথা বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে পুনৰ এবাৰ কংগ্ৰেছক উদ্দেশ্যি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

দেওবাৰে সাংসদ দাসে সংবাদ মাধ্যমৰ আগত কয় যে ২০২১ চনত হ’ব লগীয়া বিধানসভা নিৰ্বাচনত কংগ্ৰেছ-এ আই য়ু ডি এফৰ মিত্ৰতাই বিজেপিক একো ক্ষতি নকৰে।

এই সন্দৰ্ভত তেওঁ কয়, ‍‘কংগ্ৰেছ-এ আই য়ু ডি এফৰ মিত্ৰতাক লৈ চিন্তিত নহয় বিজেপি। আমাৰ দলটোক আগবঢ়াই লৈ যোৱাটোৱেই আমাৰ মূল লক্ষ্য’।

ইফালে কিছুদিন পূৰ্বে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই হিমন্ত বিশ্ব শৰ্মাৰ মুখ্য মন্ত্ৰী হ’ব পৰা দক্ষতা থকা বুলি কৰা মন্তব্য সম্পৰ্কত সাংবাদিকে সাংসদ দাসৰ মন্তব্য জানিব বিচৰাত তেওঁ অত্যন্ত সাৱধানতাৰে উত্তৰ দিয়ে।

তেওঁ কয়, ‍‘২০২১ চনত কোন মুখ্য মন্ত্ৰী হ’ব সেই সম্পৰ্কে ক’ব পৰা মোৰ কোনো অধিকাৰ নাই, দলে ইয়াৰ সিদ্ধান্ত ল’ব’।

আনহাতে আছুৰ নতুন দল সম্পৰ্কত তেওঁ কয়, ‍‘আছুৰ বহু শীৰ্ষ পৰ্যায়ৰ নেতা বিজেপিৰ সৈতে যোগাযোগ কৰি আছে। কা আন্দোলনৰ লগত জৰিত কেইবাজনো নেতা অক্টোবৰ-নৱেম্বৰ মাহত বিজেপিত যোগদান কৰিব’।

উল্লেখ্য যে, ২০২১ চনৰ এপ্ৰিল মাহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠাৰ পিছতে শাসকীয় আৰু বিৰোধী দলৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰ বাকযুদ্ধ তুংগত উঠিছে।

Related News