সুধাকণ্ঠৰ সুদীৰ্ঘ দিনৰ সংগী বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা কল্পনা লাজমীৰ দেহাৱসান

kalpana-lajmi-story-647_110617065409

বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা-পৰিচালক কল্পনা লাজমীৰ পৰলোকপ্ৰাপ্তি ঘটিছে। আজি পুৱতি নিশা ৪.৩০ বজাত  মুম্বাইৰ কোকিলাবেন হাস্পতালত ৬৪ বছৰ বয়সত কল্পনা লাজমীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জীৱনৰ সুদীৰ্ঘ দিনৰ সংগী কল্পনা লাজমীৰ অসমৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল। দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ থকা কল্পনা লাজমীৰ দুয়োটা বৃক্ক বিকল হৈ পৰিছিল। অলপতে হাস্পাতলত ভৰ্তি হোৱাৰ সময়ত লাজমীৰ স্বাস্থ্যৰ সাংঘাতিক ধৰণে অৱনতি ঘটিছিল।

কল্পনা লাজমীৰ মৃত্যুত বলীউদত শোকৰ ছাঁ বিয়পি পৰিছে। তেওঁ বলীউদৰ কেইবাখনো চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। লাজমীৰ প্ৰতিখন চলচ্চিত্ৰৰে সংগীত পৰিচালনা কৰিছিল ডঃ ভূপেন হাজৰিকাই।

বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে পৰিচালনা কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত একপল, ৰুদালী, দৰমিয়া, দমন, কিউ আৰু ছিংগাৰী আছিল অন্যতম। এইকেইখন ছবিৰ নিজেই পৰিচালনা কৰিছিল কল্পনা লাজমীয়ে। তদুপৰি, কেইবাখনো ছবিৰ প্ৰযোজনাৰ লগতে লাজমীয়ে চিত্ৰনাট্যও লিখিছিল।

কল্পনা লাজমীয়ে ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা লোহিত কিনাৰে ধাৰাবাহিকখনে দূৰদৰ্শনত ব্যাপক সঁহাৰি লাভ কৰিছিল। এইখনৰো সংগীত পৰিচালনা কৰিছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই।

উল্লেখযোগ্য যে শেহতীয়াকৈ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সৈতে সম্পৰ্কৰ ভিত্তিত কল্পনা লাজমীয়ে লিখি উলিয়াইছিল ‘’ভূপেন হাজৰিকা এজ আই নিউ হিম’’ শীৰ্ষক এখন গ্ৰন্থ। সুধাকণ্ঠৰ জন্মদিন ৮ ছেপ্টেম্বৰত গ্ৰন্থখন উন্মোচন কৰা হৈছিল। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জীৱনৰ বহু দিশ গ্ৰন্থখনে উন্মোচিত কৰিছে।