নগাঁৱত তথ্যচিত্ৰ নিৰ্মাণত ব্যস্ত প্ৰসিদ্ধ ছবি নিৰ্মাতা মাইক পাণ্ডে
গ্ৰীণ অস্কাৰ বঁটা প্ৰাপক প্ৰসিদ্ধ তথ্যচিত্ৰ নিৰ্মাতা মাইক পাণ্ডে বৰ্তমান ব্যস্ত অসমত। হাতী-মানুহৰ সংঘাতৰ ওপৰত দূৰদৰ্শনৰ বাবে এখন তথ্যচিত্ৰ নিৰ্মাণৰ উদ্দেশ্যে পাণ্ডে বৰ্তমান নগাঁও-কাৰ্বি আংলং সীমান্তত দৃশ্য গ্ৰহণৰ কামত ব্যস্ত।
হাতী-সংঘাত নিৰ্মূলৰ বাবে কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী হাতীখলি-ৰংহাং কাৰ্বি গাঁৱৰ পথাৰৰ ২০০ বিঘাৰো অধিক পৰিসৰৰ ধান খেতি হাতীক খাবলৈ দিয়া প্ৰচেষ্টা সফল পৰিসমাপ্তিৰ বিষয়ে তথ্যচিত্ৰৰ জৰিয়তে দেশবাসীৰ আগত তুলি ধৰিবৰ উদ্দেশ্যে ছবি নিৰ্মাতা গৰাকীয়ে দৃশ্য গ্ৰহণৰ কাম চলাই আছে।
উল্লেখযোগ্য যে বিশিষ্ট তথ্যচিত্ৰ নিৰ্মাতা গৰাকীয়ে হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ ক্ষেত্ৰত ৰংহাং গাঁৱৰ ৰাইজ একত্ৰিত হৈ হাতত লোৱা অভিনৱ প্ৰণালী বিশ্ববাসীৰ সন্মুখত দাঙি ধৰাৰ বাবে এখন আকৰ্ষণীয় তথ্যচিত্ৰ নিৰ্মাণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল।
অহা ৭-৮ সপ্তাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া তথ্যচিত্ৰখন দূৰদৰ্শনত সম্প্ৰচাৰ হোৱাৰ উপৰিও বিশ্বৰ প্ৰায় ১৩৫খন দেশত সম্প্ৰচাৰ কৰাৰ পৰিকল্পনা কৰিছে ‘আৰ্থ মেটাৰ’ শীৰ্ষক ধাৰাবাহিক তথ্যচিত্ৰৰে সুখ্যাতি লাভ কৰা মাইক পাণ্ডেয়ে।