• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীত সপ্তম আৰ্থিক গণনা শুভাৰম্ভ কৰিলে উপায়ুক্তই

 মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
December 5, 2019 9:00 am
বিক্ৰম কৈৰীয়ে

ফটো : নৰ্থ-ইষ্ট নাও

2.9k
VIEWS
Share on FacebookShare on Twitter

মাজুলীত বুধবাৰৰ পৰা আৰম্ভ হৈছে ‘সপ্তম আৰ্থিক গণনা-২০১৯’। চৰকাৰী জনকল্যাণমূলক আঁচনিসমূহকে ধৰি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্প তথা আৰ্থ-সামাজিক পৰিকল্পনা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত মূল পৰিসাংখ্যিক আধাৰ ৰূপে পৰিগণিত হৈ অহা এই অৰ্থনৈতিক পিয়ল অভিযান মাজুলী জিলাত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে উপায়ুক্ত বিক্ৰম কৈৰীয়ে।

জিলা সদৰ গড়মূৰত থকা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মাজুলী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰনাৰায়ণ নাথ আৰু অতিৰিক্ত উপায়ুক্ত (অৰ্থনৈতিক পিয়ল) চিন্ময় নাথৰ উপস্থিতিত আগবেলা আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপায়ুক্ত কৈৰীয়ে জিলাখনত আৰ্থিক গণনা-২০১৯ শুভাৰম্ভ কৰি কয়, ‘এই গণনাৰ ওপৰতে নিৰ্ভৰ কৰি পৰৱৰ্তী এটা দশকলৈ কেন্দ্ৰ তথা ৰাজ্যৰ চৰকাৰে জনসাধাৰণৰ কল্যাণ সাধনৰ উদ্দেশ্যে বিভিন্ন আঁচনি, কাৰ্যসূচী তথা প্ৰকল্প ৰূপায়ন কৰিব।

প্ৰধান মন্ত্ৰী আৱাস যোজনা, প্ৰধান মন্ত্ৰী উজ্বলা যোজনা, স্বচ্ছ ভাৰত অভিযানৰ অধীনৰ প্ৰতিটো পৰিয়ালৰ বাবে শৌচালয় নিৰ্মাণ আদি সকলো হিতাধিকাৰী ভিত্তিক গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণত এই অৰ্থনৈতিক পিয়লৰ তথ্যয়েই মূল ভূমিকা গ্ৰহণ কৰিব।

‘গণনাকাৰী তথা এই প্ৰক্ৰিয়া তদাৰকৰ দায়িত্বত থকা প্ৰতিগৰাকী ব্যক্তিৰ ওপৰত এক গুৰু দায়িত্ব ন্যস্ত হৈ আছে। তেওঁলোকে মাজুলী জিলাৰ সকলো গাঁও, এলেকা সামৰি অতি সুচাৰু ৰূপে এই গণনা কাৰ্য সম্পন্ন কৰিব লাগিব। এই গণনাৰ পৰা যাতে কোনো এখন গাঁৱতেই এটাও পৰিয়াল যাতে বাদ নপৰে, সেয়া সুনিশ্চিত কৰিবই লাগিব’, এইদৰে কয় উপায়ুক্তগৰাকীয়ে।

তেওঁ লগতে কয়, ‘আমি সকলোৱে এটা কথা মনত ৰাখিব লাগিব যে এই গণনাত কোনো পৰিয়াল যাতে বাদ নপৰে, নহ’লে আগন্তুক দহ বছৰলৈ সেই পৰিয়ালসমূহ চৰকাৰী আঁচনিৰ সুফল লাভৰ পৰা বঞ্চিত হৈ থাকিব লাগিব’।

অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত (অৰ্থনৈতিক পিয়ল) চিন্ময় নাথেও কোনো কাৰণতে যাতে মাজুলীৰ এটা ঘৰো গণনাৰ পৰা বাদ নপৰে, সেয়া সুনিশ্চিত কৰিবলৈ প্ৰতিখন ৰাজহ গাঁৱতে ঘৰে ঘৰে গৈ এই পিয়ল কাৰ্য চলাব লগা গণনাকাৰীসকলৰ লগতে আৰ্থিক গণনা-২০১৯ৰ জিলা তত্বাৱধায়ক, প্ৰত্যেক গাঁও পঞ্চায়ত এলেকাৰ বাবে নিয়োজিত চুপাৰভাইজাৰ সকলক সতৰ্ক কৰি দিয়ে।

অনুষ্ঠানত মাজুলীৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া, মহকুমা পৰিসংখ্যা বিষয়াৰ লগতে গণনাকাৰী, ২০ খন গাঁও পঞ্চায়তৰ বাবে নিয়োজিত চুপাৰভাইজাৰ সকলে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে চি এছ চি ই-গৱৰনেন্সৰ জৰিয়তে দেশজুৰি এই অৰ্থনৈতিক পিয়ল সম্পন্ন কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

মাজুলী জিলাতো ১৮১খন ৰাজহ গাঁৱত ঘৰে ঘৰে গৈ এই গণনা কৰিবলৈ এগৰাকীকৈ গণনাকাৰী (পিয়লকাৰী) নিয়োজিত কৰি ইতিমধ্যে প্ৰশিক্ষণ প্ৰদান কৰিছে চি এছ চি ই-গৱৰনেন্সে। এইবাৰৰ আৰ্থিক গণনা অনলাইন আৰু জিঅ’ টেগিং ব্যৱস্থাৰ সহায়ত সম্পন্ন কৰা হ’ব।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd