• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ ৪০০০ কোটি টকাৰ সমগ্ৰ সম্পত্তি দান কৰিছে জেকী চানে; পুত্ৰকো নিদিলে একো?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2025 5:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বজুৰি তেওঁৰ লাখ লাখ অনুৰাগী আছে, একচন চিনেমাৰ জগতত তেওঁ এজন কিংবদন্তি। তেওঁক পৰ্দাত দেখি দৰ্শক মুগ্ধ হৈ পৰে। ভাৱিছে, কাৰ কথানো কোৱা হৈছে? নব্বৈৰ দশকৰ অগণন চিনেমা প্ৰেমীৰ আটাইতকৈ প্ৰিয় তাৰকা অনবদ্য অভিনেতা জেকী চানৰ কথা! কিন্তু তেওঁৰ অভিনয় বা চিনেমাৰ কথা নহয়, তেওঁৰ এক আচৰিত সিদ্ধান্তই শেহতীয়াকৈ অনুৰাগীৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে।

জেকী চান, যি কেৱল এজন অসাধাৰণ অভিনেতাই নহয়, এজন অসাধাৰণ ব্যক্তিও। বিশেষকৈ তেওঁ বিভিন্ন মানৱীয় কাম-কাজত অংশগ্ৰহণৰ বাবে আৰু দানশীলতাৰ বাবে বিশেষভাৱ পৰিচিত। আৰু এইবাৰ তেওঁ যি সিদ্ধান্ত লৈছে সেয়া সঁচাকৈয়ে কল্পনাতীত। ৪০০০ কোটি টকাৰ বিশাল সম্পত্তি দান দিয়াৰ কথা ঘোষণা কৰিছে জেকী চানে! কিন্তু ইয়াৰ আঁৰৰ কাৰণটো আৰু অধিক হৃদয়স্পৰ্শী।

জেকী চানে তেওঁৰ ইমান বিশাল সম্পত্তি ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বাবে দান কৰিছে, যিটো তেওঁ চলোৱা এটা অলাভজনক সংস্থাৰ জৰিয়তে পৰিচালিত হ’ব। এই সংস্থাৰ মূল লক্ষ্য হৈছে অনগ্ৰসৰ লোক আৰু ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰা। কিন্তু এই ঘোষণাৰ আটাইতকৈ চাঞ্চল্যকৰ দিশটো হ’ল জেকী চানে এই সম্পত্তিৰ এটা ফুটাকড়িও নিজৰ পুত্ৰ জেছি চানক নিদিয়ে!

যোৱা বছৰ এটা অনুষ্ঠানত জেকী চানে এই মৌখিক ঘোষণা কৰিছিল, যিটো ভাৰতীয় সংবাদ মাধ্যমত বহুলভাৱে প্ৰকাশ পাইছিল। তেওঁ কয় যে তেওঁৰ পুত্ৰই এই সম্পত্তিৰ কোনো অংশ নাপাব, বৰঞ্চ সমগ্ৰ ধন তেওঁৰ অলাভজনক সংস্থাক দান কৰা হ’ব। কিন্তু কিয় এই জনপ্ৰিয় অভিনেতাই নিজৰ সন্তানক বঞ্চিত কৰিলে? ইয়াৰ আঁৰত জেকী চানে এক শক্তিশালী যুক্তি আগবঢ়াইছে।

জেকী চানে কয়, মোৰ ল’ৰাৰ যদি প্ৰতিভা থাকে তেন্তে তেওঁ নিজেই টকা উপাৰ্জন কৰিব পাৰে। আৰু যদি নকৰে, তেন্তে মোৰ সম্পত্তি পালে কেৱল অপচয়হে কৰিব। তেওঁৰ ঘোষণাৰ পিছৰে পৰা অনুৰাগীৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহুতে তেওঁৰ এই সিদ্ধান্তক শলাগ লৈছে, আনহাতে বহুতে ইয়াৰ কাৰণক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

জেকী চানৰ পুত্ৰ জেছি চানৰ বয়স এতিয়া ৪৩ বছৰ। পিতৃৰ দৰেই তেওঁৱো চলচ্চিত্ৰ জগতৰ সৈতে জড়িত। গায়ক, অভিনেতা, পৰিচালক। যদিও তেওঁক বিভিন্ন চৰিত্ৰত দেখা গৈছে, তথাপিও তেওঁ পিতৃৰ দৰে আকাশলংঘী জনপ্ৰিয়তা লাভ কৰিব পৰা নাই। জেকী চানে যদিও মৌখিকভাৱে এই ঘোষণা কৰিছে, তথাপিও তেওঁ এই কাম আনুষ্ঠানিকভাৱে সম্পূৰ্ণ কৰিছে নে নাই সেয়া এতিয়াও নিশ্চিতভাৱে জনা হোৱা নাই।

জেকী চানৰ এই সিদ্ধান্তই নিঃসন্দেহে সমগ্ৰ বিশ্বতে আলোচনাৰ সূচনা কৰিছে। সম্পত্তি আৰু পৰিয়ালৰ উত্তৰাধিকাৰৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগীয়ে বহু নতুন প্ৰশ্নৰ উত্থাপন কৰিছে। যদি তেওঁৰ এই পদক্ষেপ সঁচাকৈয়ে ফলপ্ৰসূ হয় তেন্তে ই বিশ্বৰ বাবে এক আদৰ্শ দাঙি ধৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

September 8, 2025 7:58 am
নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

September 8, 2025 7:05 am
কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

September 7, 2025 9:30 pm
আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

September 7, 2025 8:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

September 8, 2025 7:58 am
নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

September 8, 2025 7:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd