NORTHEAST NOW (Assamese)

অসমত ৱৰেন্ত নোহোৱাকৈ গ্ৰেপ্তাৰ কৰিব পাৰিব আছাম ৰাইফলছে

February 21, 2019 8:57 pm · এন ই নাও নিউজ
Updated: February 21, 2019 9:05 pm
প্ৰতীকী ছবি।

অসমকে ধৰি উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডত আছাম ৰাইফলছক ৱৰেন্তবিহীনভাৱেই কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা বা কোনো ঠাইত তালাচী চলোৱাৰ কৰ্তৃত্ব প্ৰদান কৰিছে কেন্দ্ৰই।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ জাননী মতে, “আছাম ৰাইফলছৰ নিম্নতম পদবী পৰ্য্যন্ত এজন বিষয়াক অপৰাধ পদ্ধতি বিধি (CrPC)ৰ অধীনত এই ক্ষমতাসমূহ প্ৰদান কৰা হৈছে।”

জাননীখনত লগতে কোৱা হৈছে যে ৰাজ্যকেইখনৰ সীমামূৰীয়া জিলাকেইখনত স্থানীয় সীমাবদ্ধতাৰ ভিতৰত চি আৰ পি চিৰ ধাৰা ৪১ৰ ১ উপধাৰা আৰু ৪৭, ৪৮, ৪৯, ৫১, ৫৩, ৫৪, ১৪৯, ১৫০, ১৫১ আৰু ১৫২ ধাৰাৰ অধীনত আছাম ৰাইফলছে এই ক্ষমতাসমূহৰ প্ৰয়োগ আৰু তেওঁলোকৰ কৰ্তব্য পালন কৰিব।

১৮৩৫ চনত গঠিত আছাম ৰাইফলছ ভাৰতৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী।

মুঠ ৬৩৭৪৭গৰাকী পাৰ্চনেলেক লৈ বৰ্তমান বাহিনীটোত ৪৬টা বেতেলিয়ন আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ অধীনত বাহিনীটো পৰিচালিত হয়।

Related News