‘Deltacron’ বহুৰূপী ক’ৰ’না! ডেল্টা, ফ্লোৰনাৰ পিছত এইবাৰ কোভিডৰ নতুন প্ৰজাতি ‘ডেল্টাক্ৰন’ , ক’ত পৰিল ধৰা?

ডেল্টা, ফ্লোৰনাৰ পিছত এইবাৰ কোভিডৰ নতুন প্ৰজাতি ‘ডেল্টাক্ৰন’ পৰিল ধৰা ।

চাইপ্ৰাছত এটা নতুন কৰোনা ভাইৰাছৰ প্ৰজাতি ধৰা পৰাৰ কথাই অধিক চিন্তিত কৰি তুলিছে বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলক।

কোভিডৰ ডেল্টা প্ৰজাতিৰ পিছত কিছুদিন পূৰ্বে ইজৰাইলত ধৰা পৰিছিল কোভিডৰ এা এক প্ৰজাতি ফ্লোৰনা। এই প্ৰজাতি বিধত আক্ৰান্ত লোকৰ দেহত কোভিডৰ কিছু ভিন্ন লক্ষণে দেখা দিছিল।

ইজৰাইলত “ফ্লোৰোনা” ৰ প্ৰথমটো ঘটনা চিনাক্ত হৈছিল। “ফ্লোৰোনা” কোভিড আৰু ইনফ্লুৱেঞ্জাৰ মিশ্ৰিত সংক্ৰমণ বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। কোভিডৰ নতুন প্ৰজাতি “ফ্লোৰোনা” ৰ লক্ষণসমূহ কোভিডৰ আন প্ৰজাতিৰ দৰেই যদিও “ফ্লোৰোনা” ত আক্ৰান্ত হোৱা জনৰ দেহত ইনফ্লুৱেঞ্জাৰ লক্ষণেও দেখা দিয়ে।

ফ্লোৰোনাৰ পিছত এইবাৰ চাইপ্ৰাছত ধৰা পৰিছে কোভিডৰ আন এক প্ৰজাতি। এই নতুন প্ৰজাতি বিধৰ নাম ৰখা হৈছে ‘ডেল্টাক্ৰন’ বুলি।

নতুনকৈ ধৰা পৰা ডেল্টাক্ৰন প্ৰজাতিৰ ডেল্টা প্ৰজাতিৰ সৈতে একে আনুবংশিক মিল আছে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে মন্তব্য কৰিছে।

চাইপ্ৰাছ বিশ্ববিদ্যালয়ৰ জৈৱ প্ৰযুক্তি আৰু আণৱিক ভাইৰোলজী গৱেষণাগাৰৰ মুৰব্বী লিওণ্ডিঅছ কোষ্ট্ৰিকিছে কয় যে চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীসকলৰ মাজত লক্ষণৰ সঘন পৰিৱৰ্তন লক্ষ্য কৰা হৈছিল। তেওঁলোক ডেল্টাক্ৰনত আক্ৰান্ত বুলি সন্দেহ কৰা হৈছে।

কোষ্ট্ৰিকিছে লগতে কয় যে এই নতুন প্ৰজাতিটোৰ ডেল্টা প্ৰজাতিৰ সৈতে একে আনুবংশিক পৃষ্ঠভূমি আছে।

চাইপ্ৰাছৰ স্বাস্থ্য মন্ত্ৰী মিচেলিছ হাডজিপাণ্ডেলাছে কয় যে কোভিডে এতিয়া নতুন নতুন ৰূপত আত্মপ্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে। ডেল্টাক্ৰন তাৰেই এটা শেহতীয়া প্ৰজাতি। মন্ত্ৰীজনে নতুন প্ৰজাতিটো তেওঁলোকৰ দেশৰ বিজ্ঞানীয়ে চিনাক্ত কৰিবলৈ সক্ষম হোৱাত বিজ্ঞানীসকলক ধন্যবাদ জ্ঞাপন কৰিছে।

হাডজিপাণ্ডেলাছে কয় যে ড০ কোষ্ট্ৰিকিছৰ নেতৃত্বত এটা বিশেষজ্ঞৰ দলে এই বিষয়ত গৱেষণা কৰি সাফল্য লাভ কৰিছে।
উল্লেখ্য এতিয়ালৈকে, নতুন প্ৰকাৰটোৰ বৈজ্ঞানিক নাম ঘোষণা কৰা হোৱা নাই।