অসমত আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল পি এ চাংমাই জন্ম দিয়া নেশ্যনেল পীপ’লছ পাৰ্টিৰ যাত্ৰা। দলৰ প্ৰতিষ্ঠাপক প্ৰয়াত পি এ চাংমাৰ উত্তৰ-পূবক এটা ছাতিৰ তলত একত্ৰিত কৰি ৰখাৰ স্বপ্নক বাস্তৱত ৰূপ দিয়াৰ লক্ষ্যৰে অসমত দলটোৰ ভেটি প্ৰতিষ্ঠাৰ ক্ষণত উপস্থিত থাকিল তেওঁৰ পুত্ৰ তথা এন পি পিৰ ৰাষ্ট্ৰীয় সভাপতি, মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা।
গুৱাহাটীৰ গণেশগুৰিত দলৰ অসম ৰাজ্যিক শাখা প্ৰতিষ্ঠাৰ বাবে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি কনৰাড চাংমাই দিল্লীৰ দৃষ্টি আকৰ্ষণৰ বাবে উত্তৰ-পূব একত্ৰিত হ’বই লাগিব বুলি মন্তব্য কৰে।
“উত্তৰ-পূবক আগুৱাই নিয়াটো আপোনাৰ আৰু মোৰ কাম। কিন্তু আমি চাই আছো দিল্লীৰ মুখলৈ। আনলৈ চাই থাকি একো লাভ নাই। কিবা কৰিলে আমিয়েই কৰিব লাগিব। এইয়া আমাৰ অঞ্চল, আমাৰ মাটি, আমাৰ মানুহ আৰু এয়া আমাৰ ভৱিষ্যৎ। আমি আন ৰাজ্যৰ নিচিনা নহয়, বৰং আন দেশৰ দৰে আমাৰ উত্তৰ-পূবক আগুৱাই নিবলৈ আমি সকলোৱে একেলগে কাম কৰিব লাগিব”, ওজস্বিতাৰে ভৰা ভাষণত কনৰাড চাংমাই উপস্থিতসকলক কয়।
তেওঁ লগতে কয় যে দিল্লীত চৰকাৰ সলনি হয়, কোনোৱাই কয় ‘লুক ইষ্ট প’লিচি’ৰ কথা আৰু কোনোৱাই কয় ‘এক্ট ইষ্ট পলিচি’ৰ কথা। কিন্তু ‘লুক ইষ্ট’-এ হওক বা ‘এক্ট ইষ্ট’-এ হওক সকলো উত্তৰ-পূবৰ মানুহেই কৰিব লাগিব।
‘দিল্লীয়ে সদায় সংখ্যাৰ ওপৰতহে গুৰুত্ব দিয়ে’ বুলি মন্তব্য কৰি উত্তৰ-পূবৰ খিলঞ্জীয়াক একত্ৰিত হৈ শক্তি দেখুৱাৰো আহ্বান জনায় কনৰাড চাংমাই। লগতে নেশ্যনেল পীপ’লছ পাৰ্টিয়ে উত্তৰ-পূবৰ মানুহৰ বাবে সদায় মাত মাতি যাব আৰু এই অঞ্চলৰ ৰাইজৰ লগত থাকিব বুলিও চাংমাই মন্তব্য কৰে।
দলৰ অসম ৰাজ্যিক শাখাৰ আনুষ্ঠানিক শুভাৰম্ভণিৰ কাৰ্যসূচীত উপস্থিত থাকে দলৰ নেতা তথা মেঘালয়ৰ গৃহ মন্ত্ৰী জেমছ চাংমা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিবেক ৰাজ ৱাংখেম, থমাছ চাংমাকে ধৰি কেইবাজনো শীৰ্ষনেতা উপস্থিত থাকে।
উল্লেখ্য যে এন পি পিয়ে অগপৰ পৰা কিছুদিন পূৰ্বে পদত্যাগ কৰি দলটোত যোগ দিয়া দিলীপ বৰাক অসমৰ আহ্বায়কৰ দায়িত্ব দিছে। আনহাতে আজিৰ অনুষ্ঠানটোতে কনক গগৈক ৰাজ্যখনৰ সহযোগী আহ্বায়কৰ দায়িত্ব দিয়ে।
অগপৰ পৰা মাত্ৰ এদিন পূৰ্বে পদত্যাগ কৰা নেতা দিৱস ফুকনৰে ধৰি যুৱ প্ৰজন্মৰ বহুকেইগৰাকীয়ে আজি দলটোত যোগদান কৰে।
আজি গণেশগুৰিৰ গণেশমন্দিৰৰ পৰা অলপ আঁতৰত কাহিলিপাৰা পথত অসম ৰাজ্যিক কাৰ্য্যালয়টো মুকলি কৰাৰ পিছতে অনুষ্ঠিত এখন সংবাদমেলত চাংমাই আগন্তুক লোকসভা নিৰ্বাচনত দলটোৱে উত্তৰ-পূবৰ আটাইকেইটা সমষ্টিতে প্ৰাৰ্থিত্ব আগ বঢ়াব বুলিও মন্তব্য কৰে।