• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত এনপিপিৰ যাত্ৰাৰ আনুষ্ঠানিক শুভাৰম্ভ; উত্তৰ-পূবৰ খিলঞ্জীয়াৰ একত্ৰিত শক্তি দেখুওৱাৰ আহ্বান কনৰাড চাংমাৰ

দিল্লীয়ে উত্তৰ-পূবৰ কথা চিন্তা নকৰে, আমাৰ চিন্তা আমিয়েই কৰিব লাগিব : কনৰাড চাংমা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 6, 2019 8:20 pm
NPP

অসমত দলটোৰ যাত্ৰা আনুষ্ঠানিক আৰম্ভণি কৰাৰ সময়ত এন পি পিৰ শীৰ্ষনেতা কনৰাড চাংমাক সম্বৰ্ধনা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল পি এ চাংমাই জন্ম দিয়া নেশ্যনেল পীপ’লছ পাৰ্টিৰ যাত্ৰা। দলৰ প্ৰতিষ্ঠাপক প্ৰয়াত পি এ চাংমাৰ উত্তৰ-পূবক এটা ছাতিৰ তলত একত্ৰিত কৰি ৰখাৰ স্বপ্নক বাস্তৱত ৰূপ দিয়াৰ লক্ষ্যৰে অসমত দলটোৰ ভেটি প্ৰতিষ্ঠাৰ ক্ষণত উপস্থিত থাকিল তেওঁৰ পুত্ৰ তথা এন পি পিৰ ৰাষ্ট্ৰীয় সভাপতি, মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা।

গুৱাহাটীৰ গণেশগুৰিত দলৰ অসম ৰাজ্যিক শাখা প্ৰতিষ্ঠাৰ বাবে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি কনৰাড চাংমাই দিল্লীৰ দৃষ্টি আকৰ্ষণৰ বাবে উত্তৰ-পূব একত্ৰিত হ’বই লাগিব বুলি মন্তব্য কৰে।

Apply Now

“উত্তৰ-পূবক আগুৱাই নিয়াটো আপোনাৰ আৰু মোৰ কাম। কিন্তু আমি চাই আছো দিল্লীৰ মুখলৈ। আনলৈ চাই থাকি একো লাভ নাই। কিবা কৰিলে আমিয়েই কৰিব লাগিব। এইয়া আমাৰ অঞ্চল, আমাৰ মাটি, আমাৰ মানুহ আৰু এয়া আমাৰ ভৱিষ্যৎ। আমি আন ৰাজ্যৰ নিচিনা নহয়, বৰং আন দেশৰ দৰে আমাৰ উত্তৰ-পূবক আগুৱাই নিবলৈ আমি সকলোৱে একেলগে কাম কৰিব লাগিব”, ওজস্বিতাৰে ভৰা ভাষণত কনৰাড চাংমাই উপস্থিতসকলক কয়।

তেওঁ লগতে কয় যে দিল্লীত চৰকাৰ সলনি হয়, কোনোৱাই কয় ‘লুক ইষ্ট প’লিচি’ৰ কথা আৰু কোনোৱাই কয় ‘এক্ট ইষ্ট পলিচি’ৰ কথা। কিন্তু ‘লুক ইষ্ট’-এ হওক বা ‘এক্ট ইষ্ট’-এ হওক সকলো উত্তৰ-পূবৰ মানুহেই কৰিব লাগিব।

‘দিল্লীয়ে সদায় সংখ্যাৰ ওপৰতহে গুৰুত্ব দিয়ে’ বুলি মন্তব্য কৰি উত্তৰ-পূবৰ খিলঞ্জীয়াক একত্ৰিত হৈ শক্তি দেখুৱাৰো আহ্বান জনায় কনৰাড চাংমাই। লগতে নেশ্যনেল পীপ’লছ পাৰ্টিয়ে উত্তৰ-পূবৰ মানুহৰ বাবে সদায় মাত মাতি যাব আৰু এই অঞ্চলৰ ৰাইজৰ লগত থাকিব বুলিও চাংমাই মন্তব্য কৰে।

দলৰ অসম ৰাজ্যিক শাখাৰ আনুষ্ঠানিক শুভাৰম্ভণিৰ কাৰ্যসূচীত উপস্থিত থাকে দলৰ নেতা তথা মেঘালয়ৰ গৃহ মন্ত্ৰী জেমছ চাংমা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিবেক ৰাজ ৱাংখেম, থমাছ চাংমাকে ধৰি কেইবাজনো শীৰ্ষনেতা উপস্থিত থাকে।

উল্লেখ্য যে এন পি পিয়ে অগপৰ পৰা কিছুদিন পূৰ্বে পদত্যাগ কৰি দলটোত যোগ দিয়া দিলীপ বৰাক অসমৰ আহ্বায়কৰ দায়িত্ব দিছে। আনহাতে আজিৰ অনুষ্ঠানটোতে কনক গগৈক ৰাজ্যখনৰ সহযোগী আহ্বায়কৰ দায়িত্ব দিয়ে।

অগপৰ পৰা মাত্ৰ এদিন পূৰ্বে পদত্যাগ কৰা নেতা দিৱস ফুকনৰে ধৰি যুৱ প্ৰজন্মৰ বহুকেইগৰাকীয়ে আজি দলটোত যোগদান কৰে।

আজি গণেশগুৰিৰ গণেশমন্দিৰৰ পৰা অলপ আঁতৰত কাহিলিপাৰা পথত অসম ৰাজ্যিক কাৰ্য্যালয়টো মুকলি কৰাৰ পিছতে অনুষ্ঠিত এখন সংবাদমেলত চাংমাই আগন্তুক লোকসভা নিৰ্বাচনত দলটোৱে উত্তৰ-পূবৰ আটাইকেইটা সমষ্টিতে প্ৰাৰ্থিত্ব আগ বঢ়াব বুলিও মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd