এন পি পিক সমৰ্থন অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ : আন সমষ্টিটো প্ৰাৰ্থী দিয়াৰ ঘোষণা
মহানগৰীৰ হোটেল ৰেডিছন ব্লুত দেওবাৰে নিশা হঠাৎ এখন সংবাদমেল সম্বোধন কৰে এন পি পিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিবেক ৱাংখামে। অসমত ইতিমধ্যে পাঁচটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা দলটোৱে শীঘ্ৰে আন সমষ্টিতো প্ৰাৰ্থী ঘোষণা কৰাৰ কথা সদৰী কৰে ৱাংখামে।
সংবাদমেলত এন পি পিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিবেক ৱাংখামে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আমি থিয় হৈছিলো আৰু এইক্ষেত্ৰত অগপ, বিপিএফেও সহায় কৰিছিল।
দেওবাৰে নিশাৰ সংবাদমেলখনত অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস উপস্থিত থাকে। দাসে সংবাদমেলত অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদে নিৰ্বাচনত এন পি পিক সমৰ্থন কৰাৰ কথা ঘোষণা কৰে।
ৰুবুল দাসে লগতে কয় যে এনপিপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বলিষ্ঠ ভূমিকা ল’লে, সেয়েহে আমি তেওঁলোকক সমৰ্থন জনাইছো। তেওঁ লগতে ডিব্ৰুগড়ত এনপিপি প্ৰাৰ্থী ভবেন বৰুৱাক সমৰ্থন কৰাৰ কথাও প্ৰকাশ কৰে।
উল্লেখযোগ্য যে দেওবাৰে নিশা বিজেপিৰ মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাই অগপ সভাপতি অতুল বৰাক লগত লৈ হোটেল ৰেডিছন ব্লুত এনপিপিৰ নেতা কনৰাড চাংমাক সাক্ষাৎ কৰিছিল।
উক্ত সাক্ষাৎকাৰত নেতাকেইজনে গোপন নিৰ্বাচনী বুজাবুজিৰ বাবে মিলিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাজনৈতিক মহলে।