মাহিলী ৪০০০ টকা বিনিয়োগ কৰিলেই হ’ব পাৰিব কোটিপতি! মাহিলী লাভ কৰিব ৩৫,০০০ টকাৰ পেঞ্চনো, কেনেকৈ?

চৰকাৰে প্ৰদান কৰা সুবিধাসমূহ যদি আমি যথাযথ ভাবে গ্ৰহণ কৰিব পাৰো তেন্তে নিঃসন্দেহে সময়ত উপকৃত হ’ব পাৰিম। তেনে এক আঁচনিয়েই হৈছে নেচনেল পেঞ্চন চিষ্টেম (এনপিএছ)। এই আঁচনিত মাহিলী ৪০০০ টকাকৈ বিনিয়োগ কৰি প্ৰতিমাহে ৩৫ হাজাৰকৈ টকা পেঞ্চন হিচাবে লাভ কৰাৰ সিবিধা থকাৰ লগতে এককালীন ভাবে ১ কোটিৰো অধিক ধন লাভ কৰিব পৰা যায়। 

এনে বহু উপায় আছে, যিবোৰৰ জড়িয়তে ভৱিষ্যতৰ আৰ্থিক সুৰক্ষাৰ কথা চিন্তা কৰিব পাৰি। তাৰে কিছুমান হৈছে ফিক্সড ডিপজিট, পাব্লিক প্ৰভিডেণ্ট ফাণ্ড (পিপিএফ) আৰু নেচনেল পেঞ্চন চিষ্টেম (এনপিএছ) আদি। এন.পি.এছ. হৈছে গ্ৰাহকসকলক পৰিকল্পিত সঞ্চয়ৰ ক্ষেত্ৰত এক নিৰ্ধাৰিত অৱদান আগবঢ়োৱাৰ বাবে নিৰ্ধাৰিত এক স্বেচ্ছামূলক অৱসৰ সঞ্চয় আঁচনি ।

এই আঁচনিৰ দ্বাৰা ভৱিষ্যতে পেঞ্চন লাভ কৰিব পৰা যায়। ভাৰতৰ প্ৰতিজন নাগৰিকক পৰ্যাপ্ত অৱসৰৰ উপাৰ্জন প্ৰদান কৰাত এই আঁচনি বহু বেছি পৰিমাণে কাৰ্যকৰী। যদি আপুনি ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী, তেন্তে আপুনি যিমান সম্ভৱ সোনকালে এই আঁচনিত বিনিয়োগ আৰম্ভ কৰিব পাৰে। যদি আপুনোনাৰ বয়স ২৬ বথৰ তেন্তে এনপিএছত ২৬ বছৰ বয়সৰ পৰা প্ৰতি মাহে ৪০০০ টকা বিনিয়োগ কৰা আৰম্ভ কৰিলে আৰু ৬০ বছৰ বয়সলৈকে বিনিয়োগ অব্যাহত ৰাখিলে আপুনি মাহিলী পেঞ্চন হিচাপে ৩৫,০০০ টকাৰো অধিক উপাৰ্জন কৰিব পাৰিব।

এই গণনাটো সূতৰ হাৰ ১১ শতাংশহিচাবে ধৰি কৰা হয়। সেয়েহে, যদি আপুনি ২৬ বছৰ বয়সত বিনিয়োগ আৰম্ভ কৰে, আপুনি ৬০ বছৰ বয়সত উপনীত হ’লে আপোনাৰ মুঠ বিনিয়োগ হ’ব ১৬,৩২,০০০ টকা। সেই মুহূৰ্তত আপোনাৰ মুঠ পুঁজি হ’ব ১,৭৭,৮৪,৮৮৬ টকা।

আপুনি মাত্ৰ ১৬,৩২,০০০ টকা বিনিয়োগ কৰি প্ৰায় ২ কোটি টকাৰ গৰাকী হ’ব পাৰিব। আপুনি লাভ কৰিব লগা মুঠ ধনৰ পৰিমাণ হ’ব ১,০৬,৭০,৯৩২ টকা আৰু মাহিলী পেঞ্চন হ’ব প্ৰায় ৩৫,৫৭০ টকা। আপুনি আপোনাৰ ৬১ বছৰ বয়সৰ পৰাই প্ৰতি মাহে প্ৰায় ৩৫,০০০ টকা পেঞ্চন লাভ কৰাৰ লগতে এক কোটি টকাৰো অধিক ধন এককালীন ভাবে লাভ কৰিবলৈ সক্ষম হ’ব।