NORTHEAST NOW (Assamese)

“গোৰ্খাসকল বিদেশী ন্যায়াধিকৰণলৈ নাযায়, লাগিলে গোটেই ২৫ লাখ ডিটেনশ্যন কেম্পত সোমাব”

September 27, 2019 8:52 pm · ছফিকুল আহমেদ
গোৱালপাৰা জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী ধৰ্ণাত বহিছে গোৰ্খা দল-সংগঠন। ২৭ ছেপ্টেম্বৰত।

অভিপ্ৰায়মূলকভাৱে এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ দিয়া হৈছে বুলি অভিযোগ তুলি বাদ পৰা কোনো গোৰ্খা বিদেশী ন্যায়াধিকৰণলৈ নাযায় বুলি আজি স্পষ্ট কৰি দিছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, গোৰ্খা সন্মিলন আৰু গোৰ্খা মহিলা গোটে।

চূড়ান্ত এন আৰ চিৰ পৰা প্ৰায় ১ লাখ গোৰ্খা মানুহৰ নাম বাদ পৰা বুলি দাবী কৰি সংগঠনকেইটাই ইয়াৰ বাবে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক দায়ী কৰে।

আজি সংগঠনকেইটাই গোৱালপাৰা জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত এটা প্ৰতিবাদী ধৰ্ণাত বহে।

প্ৰায় তিনিশ লোকে অংশগ্ৰহণ কৰা ধৰ্ণা কাৰ্য্যসূচীটোত প্ৰতিবাদকাৰীসকলে “প্ৰতীক হাজেলা মুৰ্দাবাদ”, “প্ৰতীক হাজেলা গ’ বেক”, “গোৰ্খাসকলক হাৰাশাস্তি কৰা বন্ধ কৰক” আদি শ্ল’গান দিয়ে।

“আমি বিদেশী ন্যায়াধিকৰণলৈ নাযাওঁ। যদি এক লাখ গোৰ্খা ডিটেনশ্যন কেম্পলৈ যাব লগীয়া হয়, অসমত থকা আমাৰ ২৫ লাখতকৈ বেছি মানুহ ডিটেনশ্যন কেম্পলৈ যাম”, গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক ক্ৰমে লোহিত ছেত্ৰী আৰু ধনবাহাদুৰ ছেত্ৰীয়ে কয়।

সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ অভিযোগ, গোৰ্খাসকলক ইচ্ছা কৰি চূড়ান্ত এন আৰ চিৰ পৰা বাদ দিয়া হ’ল।

“আমি ভাবো যে সকলো বৈধ নথি থকাৰ পিছতো আমাক ইচ্ছাকৃতভাৱে বাদ দিয়া হ’ল, আমাৰ মাজত মুক্তিযুঁজাৰু, দেশক সেৱা আগ বঢ়োৱা সৈনিক আছে”, নেতাকেইজনে কয়।

যোৱা ৩১ আগষ্টত ছবছৰীয়া প্ৰক্ৰিয়াৰ মাজেৰে অসমৰ উন্নীতকৃত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ পাইছিল। চূড়ান্ত তালিকাত ৩,১১,২১,০০৪ গৰাকীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে মুঠ ১৯,০৬,৬৫৭গৰাকী আৱেদনকাৰীৰ নাম বাদ পৰিছিল। গোৰ্খা দল-সংগঠনৰ মতে, ইয়াৰে ১ লাখ গোৰ্খা সম্প্ৰদায়ৰ লোক।

Related News