• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“গোৰ্খাসকল বিদেশী ন্যায়াধিকৰণলৈ নাযায়, লাগিলে গোটেই ২৫ লাখ ডিটেনশ্যন কেম্পত সোমাব”

ছফিকুল আহমেদ by ছফিকুল আহমেদ
September 27, 2019 8:52 pm
Gorkha Students Union

গোৱালপাৰা জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী ধৰ্ণাত বহিছে গোৰ্খা দল-সংগঠন। ২৭ ছেপ্টেম্বৰত।

1.4k
VIEWS
Share on FacebookShare on Twitter

অভিপ্ৰায়মূলকভাৱে এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ দিয়া হৈছে বুলি অভিযোগ তুলি বাদ পৰা কোনো গোৰ্খা বিদেশী ন্যায়াধিকৰণলৈ নাযায় বুলি আজি স্পষ্ট কৰি দিছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, গোৰ্খা সন্মিলন আৰু গোৰ্খা মহিলা গোটে।

চূড়ান্ত এন আৰ চিৰ পৰা প্ৰায় ১ লাখ গোৰ্খা মানুহৰ নাম বাদ পৰা বুলি দাবী কৰি সংগঠনকেইটাই ইয়াৰ বাবে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক দায়ী কৰে।

আজি সংগঠনকেইটাই গোৱালপাৰা জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত এটা প্ৰতিবাদী ধৰ্ণাত বহে।

প্ৰায় তিনিশ লোকে অংশগ্ৰহণ কৰা ধৰ্ণা কাৰ্য্যসূচীটোত প্ৰতিবাদকাৰীসকলে “প্ৰতীক হাজেলা মুৰ্দাবাদ”, “প্ৰতীক হাজেলা গ’ বেক”, “গোৰ্খাসকলক হাৰাশাস্তি কৰা বন্ধ কৰক” আদি শ্ল’গান দিয়ে।

“আমি বিদেশী ন্যায়াধিকৰণলৈ নাযাওঁ। যদি এক লাখ গোৰ্খা ডিটেনশ্যন কেম্পলৈ যাব লগীয়া হয়, অসমত থকা আমাৰ ২৫ লাখতকৈ বেছি মানুহ ডিটেনশ্যন কেম্পলৈ যাম”, গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক ক্ৰমে লোহিত ছেত্ৰী আৰু ধনবাহাদুৰ ছেত্ৰীয়ে কয়।

সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ অভিযোগ, গোৰ্খাসকলক ইচ্ছা কৰি চূড়ান্ত এন আৰ চিৰ পৰা বাদ দিয়া হ’ল।

“আমি ভাবো যে সকলো বৈধ নথি থকাৰ পিছতো আমাক ইচ্ছাকৃতভাৱে বাদ দিয়া হ’ল, আমাৰ মাজত মুক্তিযুঁজাৰু, দেশক সেৱা আগ বঢ়োৱা সৈনিক আছে”, নেতাকেইজনে কয়।

যোৱা ৩১ আগষ্টত ছবছৰীয়া প্ৰক্ৰিয়াৰ মাজেৰে অসমৰ উন্নীতকৃত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ পাইছিল। চূড়ান্ত তালিকাত ৩,১১,২১,০০৪ গৰাকীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে মুঠ ১৯,০৬,৬৫৭গৰাকী আৱেদনকাৰীৰ নাম বাদ পৰিছিল। গোৰ্খা দল-সংগঠনৰ মতে, ইয়াৰে ১ লাখ গোৰ্খা সম্প্ৰদায়ৰ লোক।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd