গুৱাহাটীত এন আৰ চিৰ দাবী আৰু আপত্তিৰ শুনানিৰ স্থান সলনি

7f19b163_0770_4f54_81f1_1ff4dac2af76

এন আৰ চিৰ সেৱা কেন্দ্ৰ। ফাইল ফটো

মহানগৰীৰ হোটেল ব্ৰহ্মপুত্ৰ অশোকত এন আৰ চিৰ দাবী আৰু আপত্তিৰ শুনানিৰ বাবে থকা স্থানৰ অনিবাৰ্য কাৰণত পানবজাৰত থকা কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছে।

সেয়েহে, অহা ১৩ মে’ৰ পৰা যিসকল আবেদনকাৰীৰ হোটেল ব্ৰহ্মপুত্ৰ অশোকত শুনানি অনুষ্ঠিত হ’বলগীয়া আছিল তেওঁলোকক পানবজাৰস্থিত এন আৰ চিৰ শুনানিৰ বাবে কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম মহলাৰ ৪৬ আৰু ৪৭ নং কোঠাত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।

এনআৰ চি কৰ্তৃপক্ষই সংশ্লিষ্ট সকলো পক্ষকে এই সন্দৰ্ভত অৱগত কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে অহা ৩১ জুলাইত প্ৰকাশ পাবলগীয়া চূড়ান্ত এনআৰচিৰ বাবে যুদ্ধকালীনভাৱে কামকাজ চলি আছে।

এনআৰচিৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত এই শেষৰ পৰ্যায়ত এনআৰচি কৰ্তৃপক্ষই সকলো দিশতে চোকা নজৰ ৰাখিছে আৰু কৰ্তব্যত অৱহেলা কৰাসকলে কঠোৰ শাস্তিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।