এন আৰ চি অসমীয়া খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মৃত্যুদূত : লক্ষ্মীনাথ তামুলী

db11dcd6-e3ed-4c18-9ea6-12125ce1fea4

পি এল পিয়ে আয়োজন কৰা বক্তৃতা অনুষ্ঠানত মুখ্য বক্তা হিচাপে ভাষণ ৰখাৰ মুহূৰ্তত চিন্তাবিদ লক্ষ্মীনাথ তামুলী। ফটো : নৰ্থইষ্ট নাও

‘এন আৰ চি অসমীয়া খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মৃত্যুদূত।‘ আজি জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ উদ্যোগত পি এল পিৰ ৪৩ বৰ্ষত ভৰি দিয়া উপলক্ষে দিচপুৰ প্ৰেছ ক্লাৱত আয়োজিত ‘সাত ভনীৰ ঐক্য অবিহনে আমি জীয়াই নাথাকিম’ শীৰ্ষক বক্তৃতা অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি এইদৰে কয় প্ৰাক্তন প্ৰশাসনিক বিষয়া তথা চিন্তাবিদ লক্ষ্মীনাথ তামুলীয়ে।

তেওঁ লগতে কয়, ‘এনআৰচিয়ে অসমীয়া জাতিৰ কেতিয়াও নিৰাপত্তা দিব নোৱাৰে।‘

উল্লেখ্য যে অসম চুক্তিক ভিত্তি কৰি উচ্চতম ন্যায়ালয়ৰ সম্পূৰ্ণ তদাৰকত এনআৰচি উন্নীতকৰণৰ প্ৰক্ৰিয়াটো চলি থকাৰ সময়তে এগৰাকী চিন্তাবিদৰ বক্তব্যত এনেধৰণৰ কথাই স্থান পোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

আনহাতে, উক্ত আলোচনা চক্ৰতে তেওঁ ‘অসম চুক্তি’ক এখন বিশ্বাসঘাতকতাৰ দলিল’ বুলি আখ্যা দিয়ে। তেওঁ লগতে কয়, ‘ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ মতে ১৯৪৮ চনৰ ১৯ জুলাই তাৰিখৰ আগত ভাৰতত জন্মগ্ৰহণ কৰাসকলহে ভাৰতীয়। তেনে ভিত্তিত কিহৰ বাবে ২৪ মাৰ্চ ১৯৭১ কৰা হ’ল?’

তেওঁ পুনৰ কয় যে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে অহা পাকিস্তানী মূলৰ মানুহখিনিক আদৰি লৈ এবাৰতে ১০-১৫ লাখ লোকক নাগৰিকত্ব প্ৰদান কৰা হ’ল।

আনহাতে, অসম আন্দোলনৰ চহিদসকল প্ৰকৃততে ১৯৭১ চনৰ কাৰণে চহিদ হ’ল নে ১৯৫১ চনৰ কাৰণে হ’ল? এইদৰে ভাষণৰ মাজতে সদৌ অসম ছাত্ৰ সন্থাক প্ৰশ্ন কৰে তামুলীয়ে।

ইয়াৰোপৰি, তেওঁ আছু-অগপৰ নেতাসকলে ৮৫৫ গৰাকী চহিদৰ নাম উচ্চাৰণ কৰাটো উচিত নে বুলিও প্ৰশ্ন কৰে লক্ষ্মীনাথ তামুলীয়ে।

উল্লেখ্য যে, তেওঁ পুনৰ আছু-অগপক কটাক্ষ কৰি কয়, ‘১৯৮৫ চনতে কৰা ভূলৰ সংশোধন কৰাৰ সুবিধা পায়ো তেওঁলোকে সংশোধন নকৰি পুনৰ সেই ভুলকে মানি ল’লে।‘

আনহাতে, আছু-অগপৰ নেতৃবৰ্গক লৈ জাতীয়তাবাদ কৰিব পৰা নাযাব বুলিও তামুলীয়ে সন্দেহ প্ৰকাশ কৰে।

‘মোৰ যদি বয়স এতিয়া ৪০ নাইবা তাৰ আশে-পাশে থাকিলহেঁতেন, তেতিয়া পৰেশ বৰুৱাৰ সৈতে সহযোগ কৰিলোঁহেতেন। কিন্তু মোৰ শৰীৰ নাইবা মনে সেইখিনি সহযোগ নকৰে, গতিকে মই নোৱাৰো।‘

তেওঁৰ মতে ‘সাতভনীৰ ঐক্য কাহানিও নাছিল, ব্ৰিটিছে নিজৰ প্ৰশাসনিক সুবিধাৰ কাৰণে ভাৰতৰ সৈতে আবৰি লৈছিল, যাতে উত্তৰ-পূবৰ ভূমি ৰাজহৰ পৰা প্ৰশাসনীয় লাভালাভ আদায় কৰিব পাৰে।‘

আনহাতে, উক্ত আলোচনা সভাত ভাষণ প্ৰদান কৰি আলোচনাপন্থী আলফাৰ নেতা মৃণাল হাজৰিকাই কয় যে মানুহৰ ক্ৰমবিকাশৰ পৰিৱৰ্তনৰ কথা সকলো খিলঞ্জীয়াই জনা উচিত। আদিম সাম্যবাদী অৱস্থাৰ পৰা জাতীয়তাবাদলৈ ক্ৰম বিকাশৰ ফলতেই সম্ভৱ।

তেওঁ লগতে পুঁজিপতিসকলে জাতীয়তাবাদ সৃষ্টি কৰিব পাৰে বুলি সংজ্ঞা আগবঢ়ায় কয়, ‘ব্ৰিটিছে মুদ্ৰা ব্যৱহাৰ কৰিব শিকালে যদিও স্থানীয় পুজিপতি সৃষ্টি হ’বলৈ নিদিলে। মনিৰাম দেৱানে পুজিপতি হ’বলৈ চেষ্টা কৰিছিল যদিও ব্ৰিটিছে হত্যা কৰিলে। পুঁজিপতিৰ অভাৱ বাবেই অসমত জাতীয়তাবাদ প্ৰতিষ্ঠাটো সম্ভৱ নহয়।‘

তেওঁৰ মতে ‘উত্তৰ পূৰ্বাঞ্চলৰ আবেগত জাতীয়তাবাদ কেতিয়াও পোৱা নাযায়। বংগৰ বুদ্ধিজীৱিয়ে অসমীয়া বুদ্ধিজীৱিক ইতিকিং কৰে। অসমীয়া জাতিৰ কোনো ভাল বুদ্ধিজীৱি নাই।‘

উল্লেখ্য যে আলফাক দেখি দেখি ভুটান ম্যানমাৰৰ মানুহে কাপোৰ পিন্ধিব শিকিলে বুলি ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে। লগতে আলফা শিবিৰৰ পৰাই সেই অঞ্চলৰ মানুহে টকাৰ ব্যৱহাৰ শিকিলে বুলিও ভাষণ প্ৰসংগত হাজৰিকাই কয়।

তেওঁৰ মতে ‘বিভিন্ন জনগোষ্ঠীৰ মাজৰ সম্পৰ্কটো নাইকিয়া হৈ গ’ল, গতিকে আত্মিকতা নাইকিয়া হোৱাৰ ফলত ভাৰতৰ শক্তিয়ে সকলোকে শোষণ কৰিবলৈ আৰম্ভ কৰিলে।‘

তাৎপৰ্যপূৰ্ণভাৱে, বজাৰ দখলেৰেহে জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব পৰা যাব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি হাজৰিকাই লগতে কয়, ‘উত্তৰ পূৱৰ লোকসকলৰ মাজত ব্যৱসায়িক স্বাৰ্থ আৰম্ভ কৰিলে জাতীয়তাবাদ আপোনা আপুনি গঢ় লৈ উঠিব।