এন আৰ চি : উত্তৰ-পূৰ্বাঞ্চলৰ ভাষিক আৰু জনগোষ্ঠীয় সংগঠনে উচ্চতম ন্যায়ালয়ত দাখিল কৰিব ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

Northeast-Linguistic-Ethnic-Coordination-Committee-to-file-a-PIL-against-Supreme-Courts-decision-to-uphold-the-status-quo-of-the-SOP-as-laid-down-by-Prateek-Hajela-750x375

নৰ্থইষ্ট লিংগুইষ্টিক এণ্ড এথনিক ক’ৰ্ডিনেশ্যন কমিটিৰ সদস্যসকল। ফটো : নৰ্থইষ্ট নাও

নৰ্থইষ্ট লিংগুইষ্টিক এণ্ড এথনিক ক’ৰ্ডিনেশ্যন কমিটি (এন ই এল ই চি চি)এ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই শপতনামা হিচাপে দাখিল কৰা এছ অ’ পিৰ স্থিতি বাহাল ৰখাৰ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিবলৈ এখন পাঁচজনীয়া অধিবক্তাৰ কমিটি গঠন কৰিছে। আহ্বায়ক হিচাপে এই কমিটিৰ নেতৃত্বত আছে অধিবক্তা শান্তনু নায়ক।

বৃহস্পতিবাৰে সন্ধিয়া শিলচৰত দলৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখি এন ই এল ই চি চিৰ সদস্যসকলে এই কথা প্ৰকাশ কৰিছে।

এন ই এল ই চি চি কমিটিয়ে চলিত মাহৰ ২৫ ছেপ্টেম্বৰৰ ভিতৰত উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিব।

এই বিষয়টো সন্দৰ্ভত নৰ্থইষ্ট নাওক সৱিশেষ জনাই অধিবক্তা শান্তনু নায়কে কয়, ‘’ যোৱা ১৯ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ত যেতিয়া এন আৰ চিৰ শুনানিৰ বাবে তাৰিখ ধাৰ্য কৰা হৈছিল, আমি এটা ইতিবাচক ফলাফল লাভ কৰিম বুলি আশা কৰিছিলো। কিন্তু সৰ্বোচ্চ ন্যায়ালখনৰ সিদ্ধান্তই আমাক নিৰুৎসাহিত কৰিলে।‘’

নায়কে কয়, ‘’কেন্দ্ৰ তথা ৰাজ্য দুয়োখন চৰকাৰে বিগত ২০১৫ চনৰ ৭ ছেপ্টেম্বৰত অন্তৰ্ভুক্ত কৰা ১৫ খন নথিৰ ভিতৰত ৫ খন নথি অগ্ৰাহ্য কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছে। এন আৰ চিৰ এই গোটেই প্ৰক্ৰিয়াটো যদি ১৯৫১ চনৰ এন আৰ চিৰ উন্নীতকৰণ হয় তেতিয়াহ’লে সেই সময়ৰ দাখিল কৰা নথি কিয় গ্ৰহণ কৰা নহ’ব?’’

তেওঁ লগতে দাবী কৰে যে, ‘’ এই এন আৰ চি প্ৰক্ৰিয়াত ৪০ লাখ লোকক অবৈধ বিদেশী তথা বাংলাদেশী বুলি চিনাক্ত কৰা বুলি প্ৰমান কৰিবলৈকে খচৰাত বাদ পৰা ৪০ লাখ লোকক ইচ্ছাকৃতভাৱে দোমোজাত ৰখা হৈছে, তাৰ বাদে আন একো নহয়।‘’

নায়কে কয় যে তেওঁলোকে তালিকাৰ পৰা বাদ দিয়া ৫ বিধ নথিক পৰীক্ষণৰ বাবে অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাব।

‘’ অহা ২৩ অক্টোবৰত উচ্চতম ন্যায়ালয়ত পৰৱৰ্তী শুনানিৰ পিছতহে ওজৰ আপত্তিৰ প্ৰপত্ৰ দাখিল কৰা উচিত,’’-শান্তনু নায়কে কয়।

তেওঁলোকে লগতে বৰ্তমানৰ এন আৰ চি উন্নীত প্ৰক্ৰিয়াটো যেনেধৰণে আছে তেনেধৰণে ঘোষণা কৰাৰ বাবে হেঁচা দিব আৰু এক নতুন তালিকাৰ বাবে দাবী জনাব বুলি কাচাৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি কীৰ্তি ভূষণ পুৰকায়স্থই জানিব দিয়ে।

এই সংবাদদাতাৰ আগত পুৰকায়স্থই কয়, ‘’ ন্যায়ালয়েই হৈছে শেষ অৱলম্বন। ইয়াৰ পৰা যদি জনসাধাৰণে ন্যায় নাপায়, তেতিয়াহ’লে এক ব্যাপক আন্দোলনেই হ’ব একমাত্ৰ পথ।‘’

এন ই এল ই চি চিৰ সাধাৰণ সম্পাদক কংকন নাৰায়ন শিকদাৰে সংবাদ মাধ্যমৰ আগত এখন দাবী পত্ৰ দাঙি ধৰি জনায়, ‘’ এন আৰ চিৰ চূড়ান্ত খচৰাত যিসকলৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ বাবে অনাগত দিনবোৰ অত্যন্ত উদ্বেগজনক। আমি এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিবলৈ আগবাঢ়িছো যাৰ বাবে প্ৰমানৰ সৈতে তথ্য পাতি গোটাই থকা হৈছে। অগ্ৰাহ্য কৰা ৫ বিধ নথিক পুনৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন।‘’

আগন্তুক দিনত অধিক প্ৰতিবাদ গঢ়ি তোলাৰ বিষয়ে অৱগত কৰি কংকন নাৰায়ন শিকদাৰে কয়, ‘’ আমি  বৰাক উপত্যকাৰ বিভিন্ন বুদ্ধিজীৱী আৰু সংগঠনৰ সহযোগত ভৱিষ্যতে গ্ৰহণ কৰিবলগীয়া প্ৰতিবাদ তথা কাৰ্যসূচী সন্দৰ্ভত স্থিতি গ্ৰহণ কৰাৰ বাবে অহা ২৭ ছেপ্টেম্বৰৰ দিনৰ ২ বজাত শিলচৰৰ গান্ধী ভৱনত এখন গণ অভিৱৰ্তনৰ আয়োজন কৰিছো।‘’