এন আৰ চি : খচৰাত কিমান লোকৰ নাম বাদ পৰিল তাৰ জিলাভিত্তিত তথ্য দাখিলৰ নিৰ্দেশ হাজেলাক

supreme-court

ভাৰতৰ উচ্চতম ন্যায়ালয়।

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছত আজি উচ্চতম ন্যায়ালয়ত এই বিষয়ত দ্বিতীয়টো শুনানিত উচ্চতম ন্যায়ালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে।  ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ বা চমুকৈ এছ অ’ পি মডেলিটি সম্পৰ্কত আজি উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হৈছিল।

আজি শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক খচৰাত কিমানৰ নাম সোমাল আৰু কিমানৰ বাদ পৰিল এই সন্দৰ্ভত জিলাভিত্তিত তথ্য দাখিলৰ নিৰ্দেশ দিয়ে।

ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ফলি নৰিমনৰ খণ্ড বিচাৰপীঠে হাজেলাক প্ৰতিখন জিলাৰ এই তথ্য বন্ধ খামৰ ভিতৰত দাখিলৰ নিৰ্দেশ দিয়ে।

আনহাতে, ন্যায়ালয়ে আছু, আমছু, জমিয়ত আৰু আছাম পাব্লিক ৱৰ্কছক তেওঁলোকৰ মতামত শপতনামাযোগে দাখিল কৰাৰ নিৰ্দেশ দিয়ে। অহা ২৫ আগষ্টৰ ভিতৰত তেওঁলোকক শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিয়া হৈছে।

খণ্ড বিচাৰপীঠখনে অহা ২৮ আগষ্টত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। সেইদিনা এছ অ’ পি সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

উল্লেখযোগ্য যে আজি খণ্ড বিচাৰপীঠখনে অহা ২০ আগষ্টৰ পৰা খচৰাত নাম বাদ পৰা লোকসকলক ওজৰ আপত্তিৰ বাবে প্ৰপত্ৰ বিতৰণ কৰিবলৈ এন আৰ চি কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। ইয়াৰ লগতে ৩০ আগষ্টৰ পৰা প্ৰপত্ৰসমূহ গ্ৰহণ কৰাৰ বাবেও নিৰ্দেশনা দিয়ে।

আন এক গুৰুত্বপূৰ্ণ নিৰ্দেশনাত আজিৰ খণ্ড বিচাৰপীঠে এন আৰ চিৰ খচৰা পঞ্চায়ত তথা জিলা কাৰ্যালয়সমূহত ৰাইজৰ সুবিধাৰ বাবে আঁৰিবলৈকো নিৰ্দেশ দিয়ে।