ভাৰতলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ভাৰতীয় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ উদ্ধৃতি দি ৰাছিয়াৰ সংবাদ সংস্থা ‘ইণ্টাৰফেক্স’ই কয় যে আগষ্ট মাহৰ শেষৰ ফালে পুটিনে ভাৰত ভ্ৰমণ কৰিব।
বৰ্তমান ড’ভাল ৰাছিয়াত আছে। বৃহস্পতিবাৰে মস্কোৰ পৰা তেওঁ পুটিনৰ ভাৰত ভ্ৰমণৰ কথা ঘোষণা কৰে। অৱশ্যে কোনো নিৰ্দিষ্ট তাৰিখৰ কথা উল্লেখ কৰা নাই।
বুধবাৰেই ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল আমদানি কৰাৰ বাবে ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে। অতিৰিক্ত ২৫ শতাংশৰ ফলস্বৰূপে ভাৰতে ২৭ আগষ্টৰ পৰা আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আদায় দিব লাগিব।
সংবাদ মাধ্যমৰ সন্মুখত ট্ৰাম্পে ইংগিত দিয়ে যে ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক বজাই ৰাখিলে দেশসমূহৰ ওপৰত ‘আৰু বহু’ বাধা আৰোপ কৰা হ’ব।
এনে পৰিস্থিতিত ৰাছিয়াই বৃহস্পতিবাৰে কাৰ্যতঃ ভাৰতৰ কাষত থিয় দি কয় যে এখন সাৰ্বভৌম দেশৰ বাণিজ্যিক অংশীদাৰ বাছনি কৰাৰ মুক্তভাৱে অধিকাৰ আছে। মস্কোৱে দাবী কৰিছে যে ট্ৰাম্পে বিভিন্ন দেশক ভাবুকি দি ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ভংগ কৰিবলৈ বাধ্য কৰাইছে।
বৃহস্পতিবাৰে ৰাছিয়া প্ৰশাসনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে ক্ৰেমলিনত কয়, “আমি বহু বক্তব্য (ট্ৰাম্পৰ) শুনি আছো, যিবোৰ আচলতে ভাবুকি। বিভিন্ন দেশে ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ভংগ কৰিবলৈ বাধ্য হৈছে। আমি এই বক্তব্যক বৈধ আৰু ন্যায্য বুলি নাভাবো।”
তেওঁ লগতে কয়, “আমি বিশ্বাস কৰোঁ যে যিকোনো সাৰ্বভৌম দেশৰ বাণিজ্যিক অংশীদাৰ মুক্তভাৱে বাছনি কৰাৰ অধিকাৰ আছে। এই বাণিজ্যিক আৰু অৰ্থনৈতিক বুজাবুজিসমূহ কোনো বিশেষ দেশৰ জাতীয় স্বাৰ্থ অনুসৰি কৰা হয়।” যদিও পেস্কোভে তেওঁৰ বিবৃতিত ভাৰতৰ নাম ক’তো উল্লেখ কৰা নাই, তথাপিও স্পষ্ট হৈ পৰিছে যে ভ্লাদিমিৰ পুটিনৰ দেশখনে ট্ৰাম্পৰ শুল্কৰ বিৰুদ্ধে নতুন দিল্লীৰ কাষত থিয় দিছে। এই পৰিৱেশত পুটিনৰ ভাৰত ভ্ৰমণক তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে।