NTAয়ে ঘোষণা কৰিলে UGC NET, JEE Mains আৰু ICARকে ধৰি বিভিন্ন পৰীক্ষাৰ সংশোধিত তাৰিখ

WhatsApp Image 2020-08-21 at 12.08.13 PM

প্ৰতিনিধিত্বমূলক ফটো।

নেশ্যনেল টেষ্টিং এজেন্সি (NTA)য়ে UGC- NET, IGNOU OPENMAT আৰু PhD, দিল্লী বিশ্ববিদ্যালয়ৰ এন্ট্ৰেন্স তথা ICAR AIEEA পৰীক্ষাকে ধৰি বিভিন্ন পৰীক্ষাৰ সংশোধিত তাৰিখ ঘোষণা কৰিছে।

NTA য়ে ঘোষণা কৰা সংশোধিত তাৰিখ অনুসৰি, UGC- NET ১৬জুনৰ পৰা ২৫ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব।

দিল্লী বিশ্ববিদ্যালয়ৰ এন্ট্ৰেন্স পৰীক্ষা ছেপ্টেম্বৰৰ ৬ তাৰিখৰ পৰা ১১ তাৰিখৰ ভিতৰত অনুষ্ঠিত হ’ব।

সেইদৰে, IGNOU OPENMAT MBA পৰীক্ষা ১৫ ছেপ্টেম্বৰত আৰু পিএইচডি  এন্ট্ৰেন্স পৰীক্ষা ৪ অক্টোবৰত অনুষ্ঠিত হ’ব।

ICAR AIEEA UG পৰীক্ষা ৭ আৰু ৮ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছে যদিও ইয়াৰ পিজি আৰু পিএইচডি পৰ্যায়ৰ পৰীক্ষাৰ তাৰিখ এতিয়াও ঘোষণা কৰা নাই।

ইপিনে, NTA AIPGET পৰীক্ষা স্থগিত ৰখা হৈছে। এই পৰীক্ষা ২৯ আগষ্টত হোৱাৰ কথা আছিল যদিও  পৰীক্ষাটো ২৯ ছেপ্টেম্বৰতহে অনুষ্ঠিত হ’ব।

উক্ত পৰীক্ষাসমূহৰ প্ৰৱেশ পত্ৰসমূহ সংশ্লিষ্ট পৰীক্ষা আৰম্ভ হোৱাৰ ১৫দিন পূৰ্বে প্ৰকাশ পাব আৰু প্ৰৱেশ পত্ৰত পৰীক্ষা কেন্দ্ৰৰ স্থান, সময়, তাৰিখ আদি উল্লেখ থাকিব।

প্ৰথমতে, যোৱা জুন মাহৰ বাবে NTA য়ে এই পৰীক্ষাসমূহৰ সময়সূচী প্ৰকাশ কৰিছিল যদিও কৰ’নাৰ বাবে হোৱা লকডাউনৰ পৰিপ্ৰেক্ষিতত সকলো পৰীক্ষা স্থগিত ৰখা হয়।

NTA য়ে ইতিমধ্যে JEE Mains আৰু NEET UGৰ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে। সেই অনুসৰি, JEE Mains ১ৰ পৰা ৬ ছেপ্টেম্বৰ আৰু NEET UG ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব।