কোভিড আক্ৰান্ত হৈ বিশিষ্ট পৰমাণু বিজ্ঞানী শেখৰ বসুৰ দেহাৱসান

বিশিষ্ট বিজ্ঞানী তথা এট’মিক এনাৰ্জী কমিশ্যনৰ প্ৰাক্তন অধ্যক্ষ শেখৰ বসুৰ আজি ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত দেহাৱসান ঘটে।

৬৮ বছৰীয়া বিশিষ্ট বিজ্ঞানী গৰাকীক কোভিড আক্ৰান্ত হোৱাৰ পাছতে কলকাতাৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

‘‘ড০ বসুৱে কোভিড আৰু কিডনীৰ ৰোগত ভূগি আছিল। আজি ৰাতিপুৱা ৪.৫০ বজাত তেওঁৰ দেহাৱসান ঘটে,’’ এক সূত্ৰত এইদৰে প্ৰকাশ পায়।

উল্লেখযোগ্য যে, ভাৰতবৰ্ষৰ এট’মিক শক্তি অভিযানত বিশিষ্ট বিজ্ঞানী গৰাকীয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল।

বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে শেখৰ বসুক ২০১৪ চনত পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছিল।

ড’নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে বিশিষ্ট বিজ্ঞানী গৰাকীৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰে।

‘‘কোভিড আৰু কিডনী ৰোগত আক্ৰান্ত হৈ কলকাতাৰ চিকিৎসালয়ত দেহাৱসান ঘটা বিশিষ্ট বিজ্ঞানী তথা এট’মিক এনাৰ্জী কমিশ্যনৰ প্ৰাক্তন অধ্যক্ষ শেখৰ বসুৰ মৃত্যুৰ খবৰত মৰ্মাহত হৈছো,’’ জিতেন্দ্ৰ সিঙে ছ’চিয়েল মিডিয়াত এইদৰে লিখে।