কৰম সন্মিলনৰ মাজতে কিশোৰৰ উলংগ মৃতদেহ উদ্ধাৰ; পেঙেৰীত চাঞ্চল্য

ফটো নৰ্থ-ইষ্ট নাও

চাহ জনগোষ্ঠীয় ৰাইজৰ পৱিত্ৰ অনুষ্ঠান কৰম সন্মিলনৰ মাজতে তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষীৰ থানাৰ অধীনৰ খাটাংপানী চাহ বাগিছাত আজি পুৱা এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি মৃতদেহটো বাগিছাখনৰে শ্ৰমিক তুফান গোৱালাৰ পুত্ৰ ৰঞ্জিত গোৱালা (১৬)ৰ বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে পেঙেৰী খাটাংপানী বাগানত ১৯ আৰু ২০ অক্টোবৰত অনুষ্ঠিত কৰিবলৈ লোৱা কৰম সন্মিলনৰ প্ৰথম নিশাই এই ঘটনাটো সংঘটিত হয়।

সন্মিলনস্থলীৰ পৰা মাত্ৰ ৫০০ মিটাৰ আঁতৰত উলংগ অৱস্থাত উদ্ধাৰ হোৱা ৰঞ্জিত গোৱালাৰ মৃতদেহটোলৈ চাই কোনো লোকে হত্যা কৰা বুলিয়ে স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। পেঙেৰীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো চমজি লৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

বাতৰি লিখা সময়লৈকে হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও পেঙেৰী আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আনহাতে আজি অনুষ্ঠিত হ’ব লগা কৰম সন্মিলনৰ সকলো অনুষ্ঠান উদ্যোগতাই বাতিল কৰাৰ লগতে পেঙেৰী আঞ্চলিক আটছাই সমগ্ৰ ঘটনাৰ তদন্তৰ দাবি জনায়।