• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উলংগ প্ৰতিবাদ : জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদকাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2019 12:51 pm
3.2k
VIEWS
Share on FacebookShare on Twitter

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিয়ে আজি নতুন দিল্লীৰ সংসদ ভৱনৰ সমীপত উলংগ হৈ প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰতিবাদকাৰীসকলক অৱশ্যে অলপ পাছতে আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা উঠাই লৈ যায়।

লোকসভাত যুটীয়া সংসদীয় সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ পূৰ্বে অসমৰ জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে সংসদ ভৱনৰ সন্মুখতে এনেদৰে নগ্ন হৈ প্ৰতিবাদ সাৱ্যস্ত কৰা বিষয়টোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে অসমৰ জাতীয় দল-সংগঠনসমূহে চলাই অহা তীব্ৰ প্ৰতিবাদকো নেওচি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে বিধেয়কখন গৃহীত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আজি সংগঠনকেইটাৰ প্ৰতিনিধিয়ে চৰম প্ৰতিবাদ সাৱ্যস্ত কৰে।

অসমৰ ৭০ টাতকৈয়ো অধিক জাতীয় সংগঠনে আজি ক’লা দিৱস পালন কৰাৰ মাজতে নতুন দিল্লীৰ মাজমজিয়াত এইদৰে উলংগ হৈ কৰা প্ৰতিবাদ কেন্দ্ৰীয় চৰকাৰৰ গণতান্ত্ৰিক প্ৰতিবাদৰ প্ৰতি কৰা ভেঙুচালিৰ প্ৰত্যুত্তৰ হিচাপে সংগঠনকেইটাৰ প্ৰতিনিধিয়ে এইদৰে সাৱ্যস্ত কৰে।

উলংগ হৈ এইদৰে কৰা আজিৰ এই প্ৰতিবাদ ক’লা দিৱসৰ পালনৰ দিনটোতে এক ক’লা অধ্যায় হিচাপেওপৰিগণিত হৈ ৰ’ব।

উল্লেখযোগ্য যে বিগত ২০০৪ চনৰ ১৫ জুলাইত মণিপুৰত এইদৰে মহিলা কৰা উলংগ প্ৰতিবাদৰ এখন ছবিয়েস সমগ্ৰ বিশ্বতে খলকনি তুলিছিল। সেইদিনা ১২ গৰাকীকৈ মধ্যবয়সীয়া মাতৃয়ে ইম্ফলৰ কাংলা ফ’ৰ্টৰ সন্মুখত হাতত ‘ভাৰতীয় সেনা আমাক ধৰ্ষণ কৰক’ (Indian Army Rape Us) লিখা বেনাৰ লৈ উলংগ হৈ প্ৰতিবাদ সাৱ্যস্ত কৰিছিল। কাংলাত তেতিয়া আসাম ৰাইফলছৰ শিৱিৰ আছিল।

আসাম ৰাইফলছৰ দ্বাৰা থাংগিয়াম মনোৰামা নামৰ মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ তুলি মণিপুৰত সেই ‘উলংগ প্ৰতিবাদ’ সাৱ্যস্ত কৰা হৈছিল। সুৰক্ষা বাহিনীৰ মতে মনোৰমা নিষিদ্ধ ঘোষিত পীপলছ লিবাৰেশ্যন আৰ্মিৰ এগৰাকী সদস্য আছিল।

Recent News

জনজাতিৰ মৰ্যদা নাপালে ২০২৬ ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ : ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

জনজাতিৰ মৰ্যদা নাপালে ২০২৬ ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ : ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

গ্ৰাহক ৰজা, নিৰামিষ ৰান্ধিছে নে আমিষ সেই বিষয়ে জনাৰ অধিকাৰ আছে: উচ্চতম ন্যায়ালয়

গ্ৰাহক ৰজা, নিৰামিষ ৰান্ধিছে নে আমিষ সেই বিষয়ে জনাৰ অধিকাৰ আছে: উচ্চতম ন্যায়ালয়

১৯৯ কোটি টকাৰ কৰ ফাঁকিৰ গোচৰত বিপদত পৰিছে কংগ্ৰেছ, ‘কোনোধৰণৰ সকাহ নাই’ বুলি জনালে ন্যায়াধিকৰণে

১৯৯ কোটি টকাৰ কৰ ফাঁকিৰ গোচৰত বিপদত পৰিছে কংগ্ৰেছ, ‘কোনোধৰণৰ সকাহ নাই’ বুলি জনালে ন্যায়াধিকৰণে

উজনি অসমতো উচ্ছেদ কৰা হ’ব খিলঞ্জীয়া লোক : শদিয়া ভ্ৰমণৰ সময়ত ইংগিত মুখ্যমন্ত্ৰীৰ

উজনি অসমতো উচ্ছেদ কৰা হ’ব খিলঞ্জীয়া লোক : শদিয়া ভ্ৰমণৰ সময়ত ইংগিত মুখ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd