• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ৰ ৰোষত তদন্তকাৰী সংস্থা; তদন্তকাৰীসকলৰ বিৰুদ্ধেও তদন্ত হোৱা উচিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2025 1:02 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনৈতিক পক্ষপাতিত্ব, চৰকাৰী আজ্ঞাধাৰী, চাৰ্জশ্বীটৰ লগত দাবীৰ অমিল, দীঘলীয়া তদন্ত – কেন্দ্ৰীয় সংস্থাসমূহৰ বিৰুদ্ধে বাৰে বাৰে এনে অভিযোগ উত্থাপন হৈ আহিছে। বিশেষকৈ নিৰ্বাচনৰ পূৰ্বে ‘অতিসক্ৰিয়তা’ই মূৰ দাঙি উঠে। বহু ক্ষেত্ৰত সাধাৰণ ৰাইজেও চিবিআইকে ধৰি সংস্থাসমূহৰ তদন্তৰ প্ৰতি অনাস্থা প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ে নিজেই ইংগিত দিছে যে এইটো কোনো বিচ্ছিন্ন ঘটনা নহয়, বৰঞ্চ এটা ধাৰা হৈ পৰিছে।

বুধবাৰে এজন প্ৰাক্তন আৰক্ষী বিষয়া আৰু চিবিআই বিষয়াৰ বিৰুদ্ধে এফআইআৰ দাখিলৰ সৈতে জড়িত দুটা দশক পুৰণি গোচৰৰ শুনানি গ্ৰহণ কৰা হয়। তাত ন্যায়াধীশ পংকজ মিট্টল আৰু ন্যায়াধীশ পি বি ভাৰালৰ বিচাৰপীঠে স্পষ্টকৈ উল্লেখ কৰিছে যে ‘প্ৰশাসনৰ প্ৰতি মানুহৰ আস্থা বজাই ৰাখিব লাগিব। সেয়ে তদন্ত কৰাসকলকো এতিয়া তদন্তৰ আওতালৈ অনাটো জৰুৰী।’

Apply Now

উচ্চতম ন্যায়ালয় ইয়াতেই থমকি ৰোৱা নাই। দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ বাৰ্তা আছিল, ‘কেৱল ন্যায় দিয়াটোৱেই যথেষ্ট নহয়। আইনী ব্যৱস্থাই যে কাম কৰিছে, ঘটনাপ্ৰবাহ দেখি মানুহে যেন সেয়া বুজিব পাৰে।’

২০০১ চনত চিবিআইৰ যুটীয়া সঞ্চালক নীৰজ কুমাৰৰ বিৰুদ্ধে তথ্য ফাদিল আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ উপৰিও নীৰজ আছিল প্ৰাক্তন দিল্লী আৰক্ষী আয়ুক্ত। তেওঁৰ লগতে চিবিআইৰ আন এজন বিষয়া বিনোদ কুমাৰ পাণ্ডেও এই গোচৰৰ সৈতে জড়িত আছিল।

২০০৬ চনত দিল্লী উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে দুয়োৰে বিৰুদ্ধে এফআইআৰ পঞ্জীয়নৰ নিৰ্দেশ দিছিল। নীৰজ আৰু বিনোদে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। ২০১৯ চনৰ মাৰ্চ মাহত আদালতে সেই গোচৰো খাৰিজ কৰিছিল। ইয়াৰ পিছতে চিবিআইৰ প্ৰাক্তন বিষয়া দুগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। তাতো দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে তেওঁলোকৰ আবেদন খাৰিজ কৰে।

প্ৰায় ডেৰ দশক পুৰণি এই গোচৰত উচ্চতম ন্যায়ালয়ে এফআইআৰ পঞ্জীয়নৰ নিৰ্দেশ দিছে। লগতে কোৱা হৈছে, ‘দিল্লী আৰক্ষীৰ বিশেষ কোষে তদন্ত কৰিব। তদন্তৰ নেতৃত্ব দিব এজন সহকাৰী আয়ুক্ত বা উচ্চ পদবীৰ বিষয়াই। কোনো গাফিলতি থাকিব নালাগিব। গোচৰটো বহুত পুৰণি। গতিকে সম্ভৱ হ’লে তিনিমাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিব লাগে।’

ন্যায়াধীশসকলে বিষয়া দুজনক নিৰ্দেশ দিলে, ‘তেওঁলোকে তদন্তকাৰী বিষয়াক সকলো প্ৰকাৰে সহায় কৰিব লাগিব। তদন্তত অংশ লৈ নিজৰ নিৰ্দোষতা প্ৰমাণ কৰাৰ সুযোগ পাব। কিন্তু আদালতে অতি প্ৰয়োজনীয় নহ’লে বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।’

উচ্চতম ন্যায়ালয়ে কয় যে এই অভিযোগ ২০০০ চনত দাখিল কৰা হৈছিল। তাৰ পিছত দুটা দশকৰো অধিক সময় পাৰ হৈ গৈছে। এতিয়াও আৰম্ভ হোৱা নাই তদন্ত। আটাইতকৈ ডাঙৰ কথাটো হ’ল ইয়াৰ লগত চিবিআই বিষয়াৰ নামো জড়িত হৈ আছে৷ গতিকে তদন্ত নহ’লে ন্যায়বিচাৰৰ ক্ষেত্ৰতো ন্যায্যতা নাথাকে।

উচ্চতম ন্যায়ালয়ে আৰক্ষী প্ৰশাসনকো ধমক দিয়ে। দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে কঠোৰ ভাষাত কয় যে চিবিআই বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ বাবেই আৰক্ষীয়ে এফআইআৰত বিলম্ব কৰিছিল।

শেহতীয়াকৈ তদন্তকাৰী চিবিআই বিষয়াসকলৰ বিৰুদ্ধে কেইবাটাও দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। চলিত বৰ্ষৰ জানুৱাৰী মাহত বলবীৰ শৰ্মা নামৰ কেন্দ্ৰীয় সংস্থাটোৰ এজন ডিএছপিক গ্ৰেপ্তাৰ কৰা হৈছিল। মে’ মাহত তদন্তকাৰী সংস্থাটোৱে মধ্যপ্ৰদেশৰ নাৰ্চিং কেলেংকাৰিৰ তদন্ত কৰি থকা কমেও দুজন বিষয়াক গ্ৰেপ্তাৰ কৰিছিল। উচ্চতম ন্যায়ালয়ৰ এই পৰ্যবেক্ষণ এই শ্ৰেণীৰ বিষয়াৰ বাবে এক ডাঙৰ বিপৰ্যয়।

ইয়াৰ উপৰিও শীৰ্ষ ন্যায়ালয়ৰ এই পৰ্যবেক্ষণৰ পৰা বিৰোধীয়েও কিছু সকাহ পাব। যদিহে তদন্তকাৰী বিষয়াজনো তদন্তৰ পৰিসৰৰ অধীনলৈ আহে, তেন্তে ই নিশ্চিতভাৱে কেন্দ্ৰীয় সংস্থাসমূহৰ ওপৰত কেন্দ্ৰৰ নিয়ন্ত্ৰণ হ্ৰাস কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

July 2, 2026 5:08 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

এআইৰ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি: ন্যায়িক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীলতাক বিপদজনক আখ্যা

July 2, 2026 4:40 pm
‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

July 2, 2026 4:10 pm
ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

July 2, 2026 5:08 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

এআইৰ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি: ন্যায়িক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীলতাক বিপদজনক আখ্যা

July 2, 2026 4:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd