ইজৰাইল-পেলেষ্টাইন যুদ্ধত শনিবাৰৰ পৰা আৱদ্ধ বলীউদ অভিনেত্ৰী; অৱশেষত আহিল খবৰটো!

নুছৰত ভাৰুচা। ফাইল ফটোঃ সংগ্ৰহীত।

অৱশেষত সকাহ। বলীউদৰ মোহময়ী অভিনেত্ৰী নুছৰত ভৰুচাক উদ্ধাৰ কৰা হৈছে। ইজৰাইলত হামাছৰ আক্ৰমণৰ মাজতে তাত উপস্থিত থকা ভাৰতীয় অভিনেত্ৰী নুছৰত ভাৰুচাই নিজৰ ইউনিটৰ সৈতে যোগাযোগ হেৰুৱাই পেলায়। ৩৮ বছৰীয়া অভিনেত্ৰী নুছৰত ভাৰুচাৰ দলটোৱে এই বিষয়ত মুম্বাইত এক বিবৃতিত উদ্বেগ প্ৰকাশ কৰে। অৱশ্যে শেহতীয়া খবৰ অনুসৰি তেওঁ সুৰক্ষিত। অতি সোনকালে তেওঁ ভাৰতলৈ উভতি আহিবলৈ বিমানত উঠিব।

বিবৃতিটোত কোৱা হৈছিল যে ‘’দুৰ্ভাগ্যজনকভাৱে নুছৰত ইজৰাইলত আবদ্ধ হৈ আছে। হাইফা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ তেওঁ তালৈ গৈছিল। দলটোৰ এজন সদস্যৰ মতে, শনিবাৰে নিশা ১২:৩০ মান বজাত শেষবাৰৰ বাবে তেওঁৰ সৈতে যোগাযোগ কৰা হৈছিল। বেছমেণ্ট এটাত তেওঁ নিৰাপদে আছিল। ইয়াৰ পিছত আমি তেওঁৰ সৈতে আৰু যোগাযোগ কৰিব পৰা নাই।”

লগতে পঢ়কঃ দুৰ্যোগত বিপৰ্যস্ত ছিকিমৰ পৰা উদ্ধাৰ কৰা হৈছে ১৪০ জনৰো অধিক অসমৰ ছাত্ৰ-ছাত্ৰীক

তেওঁৰ দলটোৱে কয় যে যদি নুছৰতক পোৱা নাযায় তেন্তে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা সহায় বিচৰা হ’ব।

কিন্তু এতিয়া অভিনেত্ৰীগৰাকী ভাৰতলৈ ঘূৰি অহাৰ খবৰে নিশ্চয় সকলোৰে বাবে সকাহ কঢ়িয়াই আনিছে। শীঘ্ৰে ভাৰতলৈ বুলি বিমানত উঠিব নুছৰত। ইজৰাইলৰ পৰা ভাৰতলৈ আহিবলৈ বিমানবন্দৰ এলেকা পাইছে নুছৰত।

ইপিনে, মেঘালয়ৰ কেইজনমান নাগৰিকো ইজৰাইলত আবদ্ধ হৈ আছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে তেওঁৰ ৰাজ্যৰ ২৭ জন নাগৰিক ইজৰাইলত আবদ্ধ হৈ আছে। চাংমাই কয় যে তেওঁলোকৰ নিৰাপদে ঘৰলৈ উভতি অহাৰ বাবে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰা হৈছে।

লগতে পঢ়কঃ অধিক সুন্দৰী হোৱাৰ বাসনা! প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ‘ল অভিনেত্ৰী জেকলিনৰ; সাৱটিলে মৃত্যুক

আনহাতে, শনিবাৰে পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছে ইজৰাইলক আক্ৰমণ কৰে। মাত্ৰ ২০ মিনিটতে হামাছে ইজৰাইললৈ ৫ হাজাৰ ৰকেট নিক্ষেপ কৰে। তাৰ পিছত ইজৰাইলে প্ৰত্যাক্ৰমণ কৰে আৰু ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত পুনৰ যুদ্ধ আৰম্ভ হয় । এই আক্ৰমণত এতিয়ালৈকে ৩০০ৰো অধিক লোক নিহত হৈছে আৰু ২০০০ৰো অধিক লোক আহত হৈছে।