NORTHEAST NOW (Assamese)

প্রতিবাদী কণ্ঠ স্তব্ধ কৰিবলৈকে ঐক্য সেনাৰ নেতাক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ সংগঠনটোৰ

August 25, 2019 10:04 am · পার্শ্বজোতি গগৈ
ফটো : নৰ্থইষ্ট নাও

দুৰ্নীতি, অনিময়, শোষণ-বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেই যেন এচামে সেই প্ৰতিবাদী কণ্ঠ বন্ধ কৰিব বিচাৰে।

জাতীয় দল-সংগঠনৰ নেতাৰ পৰা আৰম্ভ কৰি সাংবাদিকলৈকে এনে সমাজ বিৰোধী চক্ৰৰ হাতত মৃত্যু পৰ্যন্ত হবলগীয়া হৈছে।

শিৱসাগৰতো তেনে এক প্ৰতিবাদী কণ্ঠ ৰোধ কৰাৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ উঠিছে।

উজনি অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ উঠি অহা যুৱ প্ৰজন্মৰ প্ৰতিশ্ৰুতি সম্পন্ন নেতা তথা ঐক্য সেনা অসমৰ সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকাক বুধবাৰে ৰাতি ৰংঘৰ চাৰিআলিত চুৰিৰে আঘাত কৰি হত্যাৰ চেষ্টা চলোৱা হয়।

তেওঁৰ লগত থকা সতীৰ্থৰ বাবে তেওঁৰ জীৱন ৰক্ষা পৰে।

ঘটনা সংঘটিত কৰা দুৰ্বৃত্তটোক ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে।

দুৰ্বৃত্ত মতিন আহমেদে কি কাৰণত ফৰিদ ইছলাম হাজৰিকাক হত্যাৰ চেষ্টা চলাইছিল সেই কথা প্ৰকাশ কৰা নাই।

ইফালে ঘটনাৰ সন্দৰ্ভত শনিবাৰে ঐক্য সেনা অসম, শিৱসাগৰ জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

চহৰৰ দ’লমুখ চাৰি আলিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গৃহ বিভাগৰ প্ৰতিকৃতি দাহ কৰে।

ঐক্য সেনা অসম শিৱসাগৰ জিলা সমিতিৰ মুখ্য সম্পাদক জাকিৰ হুছেইনে ফৰিদ ইছলাম হাজৰিকাক হত্যাৰ চেষ্টা চলোৱা ঘটনাত তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ কৰাৰ লগতে অসম চৰকাৰৰ গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ বুলি মন্তব্য কৰে।

আৰক্ষীৰ সঠিক তদন্তত সকলো কথা পোহৰলৈ আহিব বুলি মন্তব্য কৰি সংগঠনটোৱে ফৰিদ ইছলাম হাজৰিকাৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ দাবী জনায়।

উল্লেখ্য যে ফৰিদ ইছলাম হাজৰিকাৰ নেতৃত্বত বহুকেইটা আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল ঐক্য সেনাই।

হাজৰিকাই শিৱসাগৰৰ অবৈধ সুৰৰ বিৰুদ্ধে কৰা আন্দোলন, চহৰৰ অনাথ শিশুৰ আশ্ৰয়গৃহত সংঘটিত হোৱা যৌন কেলেংকাৰিৰ ঘটনা, কেব বিৰোধী আন্দোলনৰ লগতে আৰু বহু কেইটা আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব দিছিল।

এইবোৰ কাৰণতো হয়তো কোনো তৃতীয় পক্ষ এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহ কৰিছে ঐক্য সেনাই।

উজনি অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ জনপ্ৰিয় নেতাজনে নিৰ্যাতিত, বঞ্চিত, শোষিত দৰিদ্ৰ জনতাৰ হকে মাত মতাৰ বাবেই জীৱনৰ নিৰাপত্তা নাইকিয়া হৈ গৈছে নেকি বুলি প্ৰশ্ন কৰিছে সচেতন মহলে।

এই ক্ষেত্ৰত আৰক্ষীৰ ভুমিকা লক্ষণীয় হৈ পৰিছে।

Related News