এনেকৈয়ে বাৰাক ওবামাই ইলন মাস্ক আৰু জেফ বেজোছক দিলে এশিকনি

আমেৰিকাৰ শীৰ্ষ ধনী ইলন মাস্ক আৰু জেফ বেজোছক আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই ভালদৰেই এশিকনি দিলে। যদিও ওবামাই তেওঁলোকৰ নাম পোনপটীয়াকৈ উল্লেখ কৰা নাছিল, তথাপিও তেওঁৰ ভাষণত তেওঁলোকৰ কাৰ্যকলাপৰ স্পষ্ট উল্লেখ আছিল।

ওবামাই তেওঁলোকলৈ আঙুলিয়াই কয় যে তেওঁলোকে মংগল গ্ৰহত ঔপনিবেশি প্ৰতিষ্ঠাৰ সপোন দেখাৰ পৰিৱৰ্তে পৃথিৱীখনক বসবাসযোগ্য কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত।

ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত জলবায়ু সন্মিলনৰ পৰা তেওঁ এই বাৰ্তা প্ৰদান কৰে। জলবায়ু পৰিৱৰ্তন বা পাৰমাণৱিক যুদ্ধ হৈ গ’লেও পৃথিৱী মংগল গ্ৰহতকৈ বহু বেছি বাসযোগ্য হৈ থাকিব বুলিও ওবামাই কয়। গতিকে মংগল গ্ৰহলৈ যাবলৈ ইমান টকা খৰচ কৰাৰ পৰিৱৰ্তে সেই ধন পৃথিৱীৰ বাবে বিনিয়োগ কৰা উচিত।

লগতে পঢ়কঃ জোলোঙাৰ মেকুৰী ওলাল! নিৰ্বাচনী বণ্ডত ৪ হাজাৰ কোটি টকা ‘চান্দা’ দিয়া ১৪টা কোম্পানী আছিল ইডি-চিবিআইৰ নজৰত

ওবামাই কাৰো নাম উল্লেখ নকৰিলেও ইলন মাস্ক আৰু জেফ বেজোছৰ দৰে টেক টাইকুনসকলৰ কথাই যে কৈছে তাত কোনো সন্দেহ নাই। এই আমেৰিকান ধনকুবেৰসকলে মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত শ শ কোটি টকা বিনিয়োগ কৰিছে। এই সপ্তাহতে মংগল গ্ৰহলৈ মানুহ পঠিয়াবলৈ নিৰ্মিত ষ্টাৰশ্বিপৰ পৰীক্ষা সফল হৈছে।

বুধবাৰে পেৰিছত অনুষ্ঠিত এক সন্মিলনত ওবামাই কয় যে ছিলিকন ভেলীৰ বহু টাইকুনে মহাকাশযান নিৰ্মাণ কৰি আছে। তেওঁলোকে বিশ্বাস কৰে যে পৃথিৱীৰ পৰিৱেশ আৰু বসবাসযোগ্য হৈ নাথাকিব। আৰু সেইবাবেই তেওঁলোকে মংগল গ্ৰহত বসতি স্থাপনৰ কথা ভাবিছে।

মই সিহঁতক চাই ভাবো, কি কথাবোৰ কৈছে! আনকি পাৰমাণৱিক যুদ্ধ হৈ গ’লেও   পৃথিৱীখন মংগল গ্ৰহতকৈ বহু বেছি বসবাসযোগ্য হৈ থাকিব। জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ আমি একো নকৰিলেও পৃথিৱীত তেতিয়াও অক্সিজেন থাকিব। মই জনাত মংগল গ্ৰহত সেইটো নাই। গতিকে মই ভাবো আমি এই পৃথিৱীৰ যত্ন লোৱাত বিনিয়োগ কৰা উচিত। জ্ঞান আৰু নতুন আৱিষ্কাৰৰ বাবে মহাকাশ অন্বেষণ কৰিব পাৰি, কিন্তু মানৱ সমাজৰ বাবে নতুন বসতি সৃষ্টিৰ বাবে নহয়। আমি এই পৃথিৱীত জীয়াই থকাৰ যোগ্য, গতিকে এই গ্ৰহটোক বসবাসযোগ্য কৰি তোলাটো অতি প্ৰয়োজনীয়।

লগতে পঢ়কঃ‘মই পদ্মশ্ৰী পোৱা উচিত’, মন্তব্য শ্বীনা বৰাৰ হত্যাৰ অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ

ইলন মাস্কৰ স্পেচএক্সে তৃতীয়বাৰৰ বাবে নিজৰ ষ্টাৰশ্বিপ মেগা ৰকেট পৰীক্ষামূলকভাৱে উৎক্ষেপণ কৰে। ইয়াৰ উদ্দেশ্য হৈছে মংগল গ্ৰহ বাসযোগ্য হয় নে নহয় সেইটো পৰীক্ষা কৰি চোৱা। ২০৫০ চনৰ ভিতৰত কোইবা লাখ লোকক মংগল গ্ৰহলৈ প্ৰেৰণ কৰাৰ বাবে আশাবাদী মাস্ক।

আনহাতে, জেফ বেজোছৰ ‘ব্লু অৰিজিন’য়ে আগষ্ট মাহতে তেওঁলোকৰ ‘নিউ গ্লেন’ মেগা ৰকেটৰ পৰীক্ষা কৰিবলৈ ওলাইছে। এই পৰিস্থিতিত ওবামাৰ মন্তব্য নিঃসন্দেহে তাৎপৰ্যপূৰ্ণ। ২০০৯-২০১৭ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতিত্বৰ সময়ছোৱাত তেওঁ জলবায়ু পৰিৱৰ্তন বন্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।