NORTHEAST NOW (Assamese)

সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশনৰ সময়তে ঢলি পৰিল জনপ্ৰিয় ওড়িয়া গায়ক: চিকিৎসালয়লৈ নিয়া অৱস্থাতে মৃত্যু

October 4, 2022 5:31 pm · এন ই নাও নিউজ, গুৱাহাটী

উৰিষ্যাৰ কোৰাপুট জিলাত দুৰ্গা পূজাৰ সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰি থকা অৱস্থাতে শাৰীৰিক অসুস্থতাৰ সন্মুখীন হৈ মৃত্যুমুখত পৰিছে জনপ্ৰিয় ওড়িয়া গায়ক মুৰলী মহাপাত্ৰ। সংগীত পৰিৱেশন কি থাকোঁতেই মুৰলী মহাপাত্ৰ মঞ্চত বাগৰি পৰে আৰু কিছু সময় পিছতে মৃত্যু বৰণ কৰে।

মহাপাত্ৰ অসুস্থ হৈ পৰাৰ পিছত মঞ্চত থকা এখন চকীত বহি পৰে। তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে মহাপাত্ৰৰ মৃত্যুত শোক প্ৰকাশ ককে। ওড়িয়া ভাষাত লিখা এক টুইটত পাটনায়কে কয়, “জনপ্ৰিয় গায়ক মুৰলী মহাপাত্ৰৰ মৃত্যুৰ বিষয়ে জানি অত্যন্ত দুখ পাইছো। তেওঁৰ কণ্ঠই সদায়ে শ্ৰোতাৰ হৃদয় আলোড়িত কৰি থাকিব।”

পাটনায়কে লগতে মহাপাত্ৰৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে গায়কগৰাকীৰ পৰিয়াললৈ সমবেদনা জনায়।

উল্লেখ্য যে মহাপাত্ৰই জেইপুৰ উপ-সংগ্ৰাহকৰ কাৰ্যালয়ত এগৰাকী চৰকাৰী কৰ্মচাৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ন মাহৰ পিছত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা আছিল।

কিংবদন্তী ওড়িয়া গায়ক, গীতিকাৰ আৰু সুৰকাৰ অক্ষয় মোহান্তিৰ গানশৈলী অনুসৰণ কৰি মহাপাত্ৰই যথেষ্ট খ্যাতি অৰ্জন কৰিছিল। সেয়েহে তেওঁক “জেইপুৰৰ অক্ষয় মোহান্তি” বুলিও অভিহিত কৰিছিল।

Related News