NORTHEAST NOW (Assamese)

পাশৱিক! চাৰি বন্ধুৰ সৈতে নিজ ভগ্নীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰিলে ভাতৃয়ে

December 4, 2023 4:42 pm · এন ই নাও নিউজ, গুৱাহাটী

এক চাঞ্চল্যকৰ বৰ্বৰ কাণ্ডই লজ্জানত কৰিছে মানৱ সমাজক। এগৰাকী যুৱকে চাৰি বন্ধুৰ সৈতে মিলি নিজ ভগ্নীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। উৰিষ্যাৰ কান্ধমাল জিলাত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে সদৰী কৰা মতে, যোৱা ৩ নৱেম্বৰত জিলাখনৰ চকাপাদ এলেকাত এই বৰ্বৰ কাণ্ড সংঘটিত হয়।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে ২৫ বৰ্ষীয় যুৱতীগৰাকীয়ে তেওঁৰ ভাতৃৰ নিজ নবৌৱেকৰ সৈতে অবৈধ সম্পৰ্ক থকা বুলি জানিব পাৰে। এই কথা জানিব পাৰি যুৱতীগৰাকীয়ে এনে কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ কোৱাৰ লগতে ই সম্পৰ্কৰ পৰা আঁতৰি নাহিলে এই বিষয়ে পৰিয়ালক জনাই দিব বুলি ভাবুকি দিয়ে।

এই কথাতে যুৱকজন খৰ্গহস্ত হৈ পৰে আৰু পৰিয়ালক যাতে ভগ্নীয়ে এই কথা জনাব নোৱাৰে, তাৰ বাবে এক পৰিকল্পনা ৰচনা কৰে। ঘটনাৰ দিনা যুৱতীগৰাকীয়ে ওচৰৰ হাবিলৈ ছিয়ালিৰ পাত সংগ্ৰহ কৰিবলৈ গৈছিল।

সেই হাবিতে যুৱতীগৰাকীৰ ভাতৃয়েও গৰু চৰাই আছিল। সেই সময়তে তেওঁ চাৰিজন বন্ধুক হাবিলৈ মাতি আনি মদ্যপান কৰে আৰু তাৰ পিছতে এজন এজনকৈ নিজ ভগ্নীক উপৰ্যুপৰি ধৰ্ষণ কৰে।

কেৱল সিমানেই নহয়, এনে নিৰ্মম অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ যুৱতীগৰাকীয়ে চেষ্টা কৰাত পাঁচজনে মিলি যুৱতীগৰাকীক ডিঙি চেপি ধৰে আৰু তাৰ পিছত কুঠাৰেৰে আক্ৰমণ কৰি থিতাতে হত্যা কৰে।

ইফালে এই বৰ্বৰ কাণ্ড সংঘটিত কৰাৰ পিছত অভিযুক্ত ভাতৃয়ে ৬ নৱেম্বৰত ভগ্নী নিৰুদ্দেশ হোৱা বুলি স্থানীয় আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছিল বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

কিন্তু ৭ নৱেম্বৰত যুৱতীগৰাকীৰ পচি যোৱা মৃতদেহ হাবিত উদ্ধাৰ কৰে আৰক্ষীয়ে। মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাত যুৱতীগৰাকীক একাধিক লোকে ধৰ্ষণ কৰি পিছত হত্যা কৰা বুলি ধৰা পৰে।

আৰক্ষীয়ে ঘটনাৰ তদন্তত মৃত যুৱতীগৰাকীৰ ভাতৃ এই কাণ্ডত জড়িত বুলি জানিব পাৰে আৰু যোৱা শনিবাৰে আৰক্ষীয়ে যুৱতীগৰাকীৰ ভাতৃৰ লগতে তেওঁৰ অভিযুক্ত বন্ধুকেইগৰাকীক গ্ৰেপ্তাৰ কৰে।

Related News