কোঠাৰ অভাৱৰ বাবে ৭ দিন ধৰি শৌচালয়ত কোৱাৰেণ্টাইন হৈ থাকিল এজন যুৱক!

প্ৰতিনিধিত্বমূলক চিত্ৰ

ওডিশাৰ এজন যুৱকে শৌচালয়ৰ ভিতৰত ৭ দিন কোৱাৰেণ্টাইন হৈ থকা ঘটনা সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ অহাত এতিয়া বিষয়টোৱে দেশজুৰি চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।

এই ঘটনাটো ঘটিছে ওডিশাৰ জগতসিংপুৰ জিলাত।

জানিব পৰা মতে, তামিল নাডুৰ পৰা নিজ ৰাজ্যলৈ উভতি অহা ২৮ বছৰীয়া যুৱকজনক চৰকাৰী কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা বিদায় দি নিয়ম অনুসৰি প্ৰশাসনে হোম কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ দিছিল।

হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশত যুৱকজন কিছু পৰিমানে বিপাঙত পৰে কিয়নো তেওঁৰৰ ঘৰত আছুতীয়াকৈ থকাৰ বাবে পৰ্যাপ্ত পৰিমানৰ কোঠা নাই।

শেষত উপায়হীন হৈ যুৱকজনে শৌচালয়তে ৭ দিন কোৱাৰেণ্টাইন হৈ থাকে বুলি এগৰাকী বিষয়াই জনায়।

নুৱাগাঁও ব্লকৰ জামুগাঁৱৰ মানস পাত্ৰা নামৰ যুৱকজন তামিলনাডুস্থিত এটা কোম্পানিত কৰ্মৰত হৈ আছিল। ক’ৰ’নাৰ সংহাৰৰ বাবে তেওঁ ঘৰলৈ উভতি আহি চৰকাৰী নিৰ্দেশনা অনুসৰি ৭ দিন ছুদুকাণ্ঠি স্কুলস্থিত কোৱাৰেণ্টাইন চেণ্টাৰত আছিল।

উল্লেখ্য যে চৰকাৰী কোৱাৰেণ্টাইন চেণ্টৰত ৭ দিন কটোৱাৰ পিছত নিয়ম অনুসাৰি আৰু ৭ দিন হোম কোৱাৰেণ্টাইনত থাকিব লাগে।

কিন্তু ৬ গৰাকী সদস্যৰে পৰিপূৰ্ণ পাত্ৰাৰ ঘৰটোত কোঠাৰ অভাৱৰ বাবে হোম কোৱাৰেণ্টাইনত যোৱাৰ বিপৰীতে তেওঁ পুনৰ ৭ দিন চৰকাৰী চেণ্টাৰতে কটাবলৈ অনুমতি বিচাৰি প্ৰশাসনক আবেদন জনায়।

প্ৰশাসনে তেওঁৰ আবেদন খাৰিজ কৰাত উপায়হীন হৈ ঘৰৰ ওচৰতে নিৰ্মিত স্বচ্চ ভাৰত শৌচালয়ত বাকী ৭ দিন কটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এই সিদ্ধান্ত সন্দৰ্ভত পাত্ৰাই কয় যে পৰিয়ালৰ আন আন সদস্যৰ সুৰক্ষাৰ স্বাৰ্থত মই এনে সিদ্ধান্ত গ্ৰহণ কৰিছো।

উল্লেখ্য যে তেওঁ ৯ জুনৰ পৰা ১৫ জুনলৈ শৌচালয়ত কোৱাৰেণ্টাইন হৈ থাকে।