চৰকাৰী নিৰ্দেশ : প্রথমটো সোমবাৰতে পৰম্পৰাগত পোচাকত কাৰ্যালয়লৈ আহিল কৰ্মচাৰী

আজি প্ৰথমটো সোমবাৰতে বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ অধীনত থকা চৰকাৰী বিভাগৰ উপৰি পৰিষদৰ নৰ্মাল বিভাগৰ কৰ্মচাৰীসকলে নিজ নিজ পৰম্পৰাগত পোচাক পৰিধান কৰি অহা পৰিলক্ষিত হয়।

অৱশ্যে পাৰ্বত্য পৰিষদ সচিবালয়ত একাংশ কৰ্মচাৰীয়ে এই নিয়ম উলংঘা কৰাত ই এম গলঞ্জ থাউচেন আৰু অধ্যক্ষা ৰাণু লাঙঠাচায় ক্ষোভ ব্যক্ত কৰে।

ডিমাচা পৰম্পৰাগত পোচাক পিন্ধি সচিবালয়ত উপস্থিত হোৱা অধ্যক্ষা ৰাণু লাঙঠাচাৰ আৰু ই এম গলঞ্জ থাউচেনে কয় যে, ‘ডিমা হাচাও জিলা ১৯ টা জাতি জনগোষ্ঠীৰ বাসভূমি। ইয়াত যুগ যুগ ধৰি আটাইকেইটা জনগোষ্ঠী বাস কৰি আহিছে। কিন্তু আমি সকলোৱে লাহে লাহে নিজ পৰম্পৰা বা কৃষ্টি-সংস্কৃতি পাহৰি যাবলৈ ধৰিছো।’

তাৰোপৰি তেওঁলোকে কয় যে, ‘ইয়াৰ একাংশই অকল উৎসৱ, পূজা উপলক্ষে এই পোচাক পিন্ধা পৰিলক্ষিত হয় যদিও বাকী দিনবোৰত বেলেগ পোচাক পৰিধান কৰে। এনে পৰিপ্ৰেক্ষিত চি ই এম দেবলাল গাৰ্লচায় এই প্ৰস্তাৱ আগবঢ়াই যে আমি সকলোৱে সপ্তাহত এদিন নিজ পৰম্পৰাগত পোচাক পিন্ধি নিজ নিজ কৰ্মস্থলীত থাকিলে নিজ ঐতিহ্য ৰক্ষা কৰাত সহায় হ’ব।’

আনহাতে চি ই এমৰ নিৰ্দেশত ই এম গলঞ্জ থাউচেন আৰু অধ্যক্ষা ৰাণু লাঙঠাচাই সচিবালয়ৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰাৰ সময়ত একাংশ কৰ্মচাৰীয়ে এই নিৰ্দেশ অমান্য কৰা দেখা যায়। এই ক্ষেত্ৰত ই এম থাউচনে নিৰ্দেশ উলংঘা কৰা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি উল্লেখ কৰে।

ইফালে পৰিষদৰ বাহিৰে জিলা সদৰ হাফলঙৰ তথ্য আৰু জনসংযোগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, গড়কাপ্তানি বিভাগ, উচ্চ শিক্ষা বিভাগ, পৰ্য্যটন, জলসিঞ্চন বিভাগ, পশুপালন বিভাগ, সাংস্কৃতিক বিভাগ, সমবায় বিভাগ, ৰেচম বিভাগ, শিক্ষক-শিক্ষয়ত্ৰী আদি সকলোৱে পৰম্পৰাগত পোচাক পিন্ধা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰকে অনুকৰণ কৰি ডিমা হাচাও জিলাত দেব’লাল গাৰ্লচা নেতৃত্বাধীন পাৰ্বত্য পৰিষদে পৰম্পৰাগত পোচাক পৰিধান ব্যৱস্থা প্ৰণয়ন কৰিবলৈ চূড়ান্ত কৰিছিল।

আৰু চৰকাৰী বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীয়ে প্ৰতি সপ্তাহৰ সোমবাৰে নিজৰ নিজৰ পৰম্পৰাগত পোচাক পৰিধান কৰি কাৰ্যালয়ত আহিব লাগিব বুলি নিৰ্দেশ দিছিল। লগতে নিৰ্দেশ উলংঘা কৰা বিষয়া-কৰ্মচাৰীৰ একমাহৰ দৰমহা কৰ্তন কৰা হ’ব বুলিও উল্লেখ কৰিছিল।