NORTHEAST NOW (Assamese)

বােকাখাতত দুৰ্গা পূজা সমিতিৰ বিষয়ববীয়াৰে মহকুমা প্রশাসনৰ বৈঠক

September 28, 2018 6:19 pm · উত্তম শইকীয়া

আগন্তুক দুৰ্গা পূজা উপলক্ষে আজি বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন পূজা উদযাপন সমিতিৰ বিষয়া-ববীয়াৰে বােকাখাত মহকুমা প্রশাসনৰ এক বৈঠক অনুষ্ঠিত হয়।

মহকুমাধিপতি বিবেক শ্যামৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত মহকুমাধিপতি গৰাকীয়ে আগন্তুক দুৰ্গা পূজা বােকাখাত মহকুমাত শান্তি-শৃংখলাপূর্ণভাবে অনুষ্ঠিত কৰাৰ স্বাৰ্থত প্রশাসনে গ্ৰহণ কৰা বিভিন্ন নীতি-নিয়মসমূহ প্রত্যেক পূজা সমিতিকে পালন কৰিবলৈ আহ্বান জনায়।

বিশেষকৈ প্ৰত্যেক পূজা সমিতিকে প্ৰশাসনৰ পৰা অনুমতি লোৱা, বিজুলী সংযােগৰ বাবে বিদ্যুৎ পৰিষদৰ অনুমতি লােৱা, পূজা সমিতি সমূহত স্বেচ্ছাসেৱক নিয়ােগ কৰা, পার্কিঙৰ সুব্যৱস্থা কৰা, ৰাগীয়াল দ্ৰব্যৰ প্ৰচলন বন্ধ কৰা, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে বিশেষ ব্যৱস্থা কৰা, প্লাষ্টিক ব্যৱহাৰৰ পৰা বিৰত থকাৰ লগতে প্রত্যেক পূজা মণ্ডপতে অগ্নি নির্বাপক সঁজুলীৰ ব্যৱস্থা ৰখাতাে বাধ্যতামূলক কৰাৰ কথা উল্লেখ কৰে।

সভাত মহকুমা আৰক্ষী বিষয়া বিতুল চেতীয়াই ভাষণ প্রদান কৰি পূজা সমিতিসমূহক পূজা মণ্ডপত স্বেচ্ছাসেৱক নিয়ােগ কৰি অচিনাকী লােকৰ ওপৰত বিশেষ দৃষ্টি ৰাখিবলৈ আহ্বান জনায়।

আজিৰ এই বৈথকত নিৰ্বাচনী বিষয়া জিমলী কাকতী শইকীয়া, সহকাৰী আয়ুত্ত শান্তনু গগৈ বিভিন্ন বিভাগৰ বিষয়াবর্গ প্রমূখ্যে পুজা সমিতিসমূহৰ সভাপতি সম্পাদক তথা বিষয়ববীয়া সকল উপস্থিতি থাকে।

Related News