গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডলৈ মুকলি সমৰ্থ জনাইছে ঐক্য সেনা অসম নামৰ জাতীয় সংগঠটোৱে। আজি সংগঠনটোৰ সাধাৰণ সম্পাদক চহিদুল ইছলামে হোটেল গ্ৰেণ্ড ষ্টাৰ লাইনত অনুষ্ঠিত যোগদান কাৰ্য্যসূচীত সংবাদমাধ্যমৰ আগত ঘোষণা কৰে এই কথা।
সংগঠনটোৰ সাধাৰণ সম্পাদকৰ স্পষ্টভাবে ঘোষণা কৰে যে, ‘আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটীবাসী ৰাইজে নিৰ্দলীয় প্ৰাৰ্থী জোনমনি দেৱী খাউণ্ডক ভোট দি জয়ী কৰাটো ঐক্য সেনা অসমে বিচাৰিছে।‘
আনহাতে, নিৰ্দলীয় প্ৰাৰ্থী খাউণ্ডক সমৰ্থন জনোৱাৰ কাৰণো এনেদৰে বাখ্যা কৰে ইছলামে- ‘কেইদিনমান পূৰ্বে আমি ৰাজনৈতিক দলসমূহৰ ইস্তাহাৰত আমি দীৰ্ঘদিনে দাবী কৰি অহা দাবীসমূহ অন্তৰ্ভুক্ত কৰাৰ কথা কৈ আহিছিলো। ঐক্য সেনা অসমৰ যি দাবী সেই দাবী সমূহ কেৱল মাত্ৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমনি দেৱী খাউণ্ডৰ নিৰ্বাচনী ইস্তাহাৰ পত্ৰত প্ৰকাশ পাইছে।‘
তেওঁ লগতে কয় ” কিন্তু সেই দাবী সমূহ কেৱল লিপিবদ্ধ হৈ নাথাকি অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি, নিবনুৱা সমস্যা সমূহ দূৰ কৰি দেখুৱাব লাগিব। সেয়েহে গুৱাহাটী সমষ্টিৰ বাবে একমাত্ৰ জোনমনি দেৱী খাউণ্ডক ভোট দিয়াটো দৰকাৰ” ।
তাৰোপৰি, ৰাজনৈতিক দলৰ নেতাসমূহে আজি এটা কথা কৈ কাইলৈ সেই কথা পাহৰি যায় বুলিও ইছলামে মন্তব্য কৰে।
আনহাতে, জাতিধ্বংসী বিধেয়ক খনক লৈ বিজেপি, অগপ আৰু কংগ্ৰেছৰ স্থিতিকো সমালোচনা কৰে ছহিদুল ইছলামে।
“নাগৰিকত্ব বিধেয়কক বিজেপিয়ে সদায় সমৰ্থন কৰি আহিছে। কংগ্ৰেছেও ইয়াক লৈ সদায় দুমুখীয়া স্থিতি গ্ৰহণ কৰি আহিছে।ৰাজ্যৰ জাতীয়তাবাদী দল অসম গণ পৰিষদে মন্ত্ৰীত্ব লাভৰ আশাত নিজৰ আদৰ্শক জলাঞ্জলী দি নিজকে নিশেষ কৰিছে। সেয়েহে অসমৰ ৰাইজে জোনমনি দেৱী খাউণ্ডক ভোট দি জয়ী কৰিব লাগে , যাতে তেওঁ অসমৰ হৈ কাম কৰিব পাৰে” বুলিও তেওঁ কয়।
বিগত সময়চোৱাত অসমীয়া ৰাইজৰ প্ৰতিটো সমস্যা সমাধানৰ ক্ষেত্ৰত ঐক্য সেনা অসমে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰি অহাৰ বাবেই গুৱাহাটীৰ প্ৰায় ৫০০ ছাত্ৰ-ছাত্ৰী আৰু যুৱক যুৱতীয়ে আজি ঐক্য সেনা অসমৰ মহানগৰ জিলা সমিতিত যোগদান কৰে বুলি দাবী কৰে ছহিদুল ইছলামে।
ঐক্য সেনা অসমৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই বৃহৎ যোগদান কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱজ্যোতি শৰ্মা, উপদেষ্টা বেগম জান, মনোৰঞ্জন বৰা, মুখ্য সম্পাদক শ্বাহিদুল ইছলামকে প্ৰমুখ্য কৰি ঐক্য সেনা অসমৰ আন আন সদস্য সকল উপস্থিত থাকে।