ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি
কেন্দ্ৰীয় চৰকাৰে ওলা, উবেৰৰ দৰে মটৰ গাড়ী এগ্ৰিগেটৰক এতিয়া পিক-আৱাৰ (শীৰ্ষ সময়)ত যাত্ৰীৰ পৰা ভিত্তি ভাড়াৰ দুগুণ পৰ্যন্ত ভাড়া লোৱাৰ অনুমতি প্ৰদান কৰিছে, যিটো পূৰ্বে ১.৫ গুণ আছিল। আনহাতে, নন-পীক (অ-শীৰ্ষ) সময়ত কমেও ৫০% ভাড়া ল’ব লাগিব।
নতুন এমভিএজি (Motor Vehicle Aggregator Guidelines), ২০২৫ অনুসৰি–
- যদি নিৰ্দিষ্ট কোনো যুক্তিসংগত কাৰণ নোহোৱাকৈ ৰাইড বাতিল কৰে, তেন্তে চালকে ভাড়াৰ ১০% (সর্বাধিক ₹১০০) পৰ্যন্ত দণ্ড দিব লাগিব।
- একেধৰণৰ বাতিলৰ বাবে যাত্ৰীয়েও একে দণ্ডৰ সন্মুখীন হ’ব।
- নতুন এই নীতি ৰাজ্যসমূহে নিৰ্দেশনা জাৰী কৰাৰ পৰা ৩ মাহৰ ভিতৰত বাস্তৱায়ন কৰিব লাগিব।
ভাড়াৰ ক্ষেত্ৰত চৰকাৰে স্পষ্টকৈ কৈছে–
ৰাজ্য চৰকাৰে নিজ নিজ অঞ্চলৰ বাবে মটৰ গাড়ীৰ ভিত্তি ভাড়া নিৰ্ধাৰণ কৰিব, যাক এগ্ৰিগেটৰে সেৱা প্ৰদানৰ ক্ষেত্ৰত মানি চলিব লাগিব।
ডেড মাইলেজ (খালী গাড়ীৰে যাত্ৰা) সম্পৰ্কে চৰকাৰৰ নিৰ্দেশনা–
- ভিত্তি ভাড়া কমেও ৩ কিমি হ’ব লাগিব, যি যাত্ৰীৰ অবিহনে খালী গাড়ী চলি যাত্ৰীক উঠাবলৈ যোৱা দূৰত্ব আৰু সেই সময়ত খৰচ হোৱা ইন্ধন খৰচ আদিৰ ক্ষতিপূৰণ হিচাপে ধৰা হ’ব।
- যদি যাত্ৰা ৩ কিমিতকৈ কম হয়, তেন্তে ডেড মাইলেজৰ বাবে যাত্ৰীৰ পৰা ধন লোৱা নহ’ব।
- ভাড়া কেৱল যাত্ৰাৰ আৰম্ভণি স্থানৰ পৰা গন্তব্যস্থানলৈকে ল’ব লাগিব।
নতুন নিৰ্দেশনাত বীমা সম্পৰ্কে উল্লেখ–
এগ্ৰিগেটৰে যিকোনো দুৰ্ঘটনাৰ ক্ষেত্ৰত যাত্ৰীৰ বাবে নূন্যতম ৫ লাখ টকাৰ বীমা নিশ্চিত কৰিব লাগিব। এই নতুন নীতিসমূহে ডিজিটেল ট্ৰান্সপৰ্ট এপ্লিকেচনসমূহৰ (যেনে ওলা, উবেৰ) পৰিচালনা আৰু যাত্ৰীসকলৰ সুৰক্ষা অধিক সুসংগঠিত আৰু দায়িত্বশীল কৰিব বুলি আশা কৰা হৈছে।