বঙাইগাঁৱত কিশোৰীক অশ্লীল ইংগিত দি গ্ৰেপ্তাৰ ৬০ বছৰীয়া বৃদ্ধ

old

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত চাপৰাকাটা নয়াপাৰাত যোৱা মঙলবাৰে সংঘটিত হোৱা এক জঘন্য কাণ্ডত জড়িত বৃদ্ধ এজনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

প্ৰাপ্ত বাতৰি মতে অঞ্চলটোৰ দুগৰাকী কিশোৰীয়ে যোৱা মঙলবাৰে এজোপা লিচু গছৰ তলত লিচু সংগ্ৰহ কৰি থকা অৱস্থাত উক্ত অঞ্চলৰে নিৰঞ্জন মণ্ডল ( ৬০ ) নামৰ বৃদ্ধ ব্যক্তিজনে কিশোৰী দুগৰাকীক অশ্লীল ইংগিত দি যৌন নিৰ্যাতনৰ চেষ্টা চলায় ৷

পাছত কিশোৰী দুগৰাকীয়ে নিজৰ ঘৰত আহি সবিশেষ জনায় ৷

ইয়াৰ পাছতে কিশোৰী দুগৰাকীৰ অভিভাৱকে উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীত এক এজাহাৰ দাখিল কৰে ৷
এজাহাৰ দাখিলৰ পিছৰে পৰা বৃদ্ধজন পলাতক অবস্থাত আছিল যদিও আজি আৰক্ষীয়ে লম্পট বৃদ্ধ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷