আজিয়েই পৃথিৱীত খহি পৰিব নেকি নাছাৰ বিশাল উপগ্ৰহ? বিজ্ঞানী মহলত চাঞ্চল্য!

নাছাৰ ৩৮ বছৰ পুৰণি কৃত্ৰিম উপগ্ৰহটো খহি পৰিবলৈ ওলাইছে। ইয়াক কেন্দ্ৰ কৰি বিজ্ঞানী মহলত এক চাঞ্চল্যৰ সৃষ্টি হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থাৰ মতে উপগ্ৰহৰ ধ্বংসাৱশেষ দেওবাৰে নিশাৰ পৰা সৰ্বাধিক ১৭ ঘণ্টাৰ ভিতৰত পৃথিৱীত পৰিব।

কিন্তু এই ঘটনাক লৈ আতংকিত হ’বলৈ কিবা আছে নেকি? ইয়াৰ উত্তৰ হৈছে নাই। নাছাৰ মতে, উপগ্ৰহৰ ধ্বংসাৱশেষ কাৰোবাৰ মূৰত ভাঙি পৰাৰ সম্ভাৱনা ৯,৪০০ ৰ ভিতৰত ১! গতিকে বুজাই গৈছে যে দুৰ্ঘটনাৰ সম্ভাৱনা ক্ষীণ। তদুপৰি, ৫,৪০০ পাউণ্ড তথা ২,৪৫০ কিলোগ্ৰাম উপগ্ৰহটোৰ বেছিভাগ অংশ মাটিত পৰাৰ আগতে জ্বলি ছাই হ’ব। পৃথিৱীৰ পৃষ্ঠত আঘাত কৰিব পৰা অংশটো অতি কম।

উপগ্ৰহটো প্ৰকৃততে ক’ত খহি পৰিব পাৰে? বিজ্ঞানীসকলে কৈছে যে নাছাৰ পৰিত্যক্ত উপগ্ৰহটো আফ্ৰিকা, এছিয়াৰ মধ্য প্ৰাচ্য বা উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ পূব বা পশ্চিমৰ কোনো ঠাইত খহি পৰিব।

‘দ্য আৰ্থ ৰেডিয়েশ্যন বাজেট ছেটেলাইট’ তথা ইবিআৰএছ নামৰ এই উপগ্ৰহটো ১৯৮৪ চনত উৎক্ষেপণ কৰা হৈছিল। যদিও ই দুবছৰৰ বাবে কাৰ্যক্ষম হৈ থকাৰ কথা আছিল, উপগ্ৰহটোৱে ২০০৫ চনলৈকে কাম কৰি আছিল। ইবিআৰএছে নিয়মীয়াকৈ অ’জন স্তৰ আৰু বিভিন্ন সমস্যাৰ বিষয়ে তথ্য প্ৰেৰণ কৰিছিল।

উল্লেখ্য যে এনে ধৰণৰ ঘটনা আগতেও ঘটিছিল। অৱশ্যে, বেছিভাগ ৰকেটৰ ভগ্নাংশ বায়ুমণ্ডলৰ সংস্পৰ্শত জ্বলি ছাই হে যায় বা সাগৰৰ পানীত পৰি ধ্বংস হয়। শেহতীয়াকৈ, চীনৰ মাৰ্চ ৫বি ৰকেটৰ এটা ভগ্নাংশ খহি পৰাৰ বিষয়ে চাঞ্চল্যৰ সৃষ্টি হৈছিল।

এইবাৰ আলোচনালৈ আহিছে নাছাৰ পৰিত্যক্ত উপগ্ৰহ। যদিও কাৰোবাৰ মূৰত ইয়াৰ ভাঙি পৰাৰ সম্ভাৱনা প্ৰায় শূন্য, তথাপিও নাছাৰ উপগ্ৰহটোক লৈ চৰ্চা চলি আছে।