প্ৰসিদ্ধ Vogue আলোচনীৰ বেটুপাতত অসম কন্যা অলিম্পিয়ান লাভলীনা

lovlina

প্ৰসিদ্ধ আলোচনী Vogue Indiaৰ বেটুপাতত এইবাৰ প্ৰকাশ পাইছে অসম কন্যা অলিম্পিয়ান লাভলীনা বৰগোঁহাইৰ ফটো। স্বাভাৱিকতে লাভলীনাই এনে সন্মান পোৱাটো গৌৰৱৰ বিষয় হিচাপে চৰ্চা লাভ কৰিছে।

আলোচনীখনৰ অক্টোবৰৰ ১৪তম বিশেষ বাৰ্ষিকী সংখ্যাৰ বেটুপাতত এক আকৰ্ষণীয় ভংগীমাত লাভলীনাৰ ফটো প্ৰকাশ পাইছে।

Vogue India ৰ টুইটাৰত কোৱা হৈছে যে সকলো বাধাক প্ৰতিহত কৰি টকিঅ’ অলিম্পিকত লাভলীনা বৰগোঁহাইৰ ব্ৰঞ্জৰ পদক বিজয় কেবল মাত্ৰ এক সহনশীলতাৰ কাহিনীয়ে নহয়, লগতে প্ৰতিগৰাকী ছোৱালীৰ বাবে অনুপ্ৰাণিত কৰিব পৰা এক শক্তি।

টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক জয়েৰে ইতিহাস ৰচা অসম কন্যা লাভলীনা বৰগোহাঁইৰ ২ অক্টোবৰৰ ওপজা দিনটোতে Vogue Indiaই টুইটাৰত আলোচনীখনৰ ক’ভাৰ প্ৰকাশ কৰি এইদৰে বজ্ৰকন্যাগৰাকীক শুভেচ্ছা জনায়।

উল্লেখ্য যে ২০১৭ৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্রঞ্জৰ পদক জয়েৰে প্রথমবাৰৰ বাবে দেশৰ ক্রীড়া জগতত পৰিচিতি লাভ কৰা লাভলীনাই ২০১৯ আৰু ২০২০ চনত একেৰাহে দুবাৰকৈ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ পৰা দেশলৈ ব্রঞ্জৰ পদক কঢ়িয়াই আনিছিল৷

সেইদৰে, ২০২০ৰ মার্চত অলিম্পিক কোৱালিফায়িং প্রতিযোগিতাত পদক অর্জন কৰি বক্সাৰগৰাকীয়ে টকিঅ’ অলিম্পিকৰ টিকট নিশ্চিত কৰিছিল৷

অলিম্পিকৰ ১২৫ বছৰীয়া ইতিহাসত পদক অর্জন কৰা প্রথমগৰাকী অসমীয়া হৈছে লাভলীনা বৰগোহাঁই৷ তদুপৰি, অলিম্পিকত পদক জয় কৰা লাভলীনাই দেশৰ তৃতীয়গৰাকী আৰু প্রথমগৰাকী অসমীয়া হিচাপে ইতিহাস গঢ়িছে৷