NORTHEAST NOW (Assamese)

মাতৃত্ব! বাথৰুমত মনে মনে সন্তান প্ৰসৱ কৰি পেলাই দিলে খালত

April 26, 2023 6:24 pm · এন ই নাও নিউজ, গুৱাহাটী

অভিযোগ অনুসৰি বিশ্বনাথ জিলাত সংঘটিত হৈছে এই নাৰকীয় ঘটনা। মাতৃৰ মমতাৰ পৰিৱৰ্তে এইবাৰ এগৰাকী মাতৃৰ কাণ্ডই লজ্জানত কৰিলে মাতৃ সমাজক।

সোমবাৰে বিশ্বনাথ জিলাৰ অসমঅৰুণাচল সীমান্তত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে জ্যোৎস্না খাণ্ডেলৱাল নামৰ মহিলাগৰাকীয়ে যোৱা সোমবাৰে নিজৰ বাসগৃহৰ স্নানাগাৰৰ ভিতৰত সন্তানটো প্ৰসৱ কৰে। ইয়াৰ পিছত সেইদিনাই মহিলাগৰাকীয়ে নিজৰ ঘৰৰ কাষতে থকা পুখুৰী এটাত কেঁচুৱাটো দলিয়াই দিয়ে।

স্থানীয় লোকে সন্দেহ কৰিছে যে জ্যোৎস্নাই কন্যা সন্তানৰ সলনি পুত্ৰ সন্তান বিচৰাৰ বাবেই এই জঘন্য কাণ্ড সংঘটিত কৰিছিল।

প্ৰতিৱেশী সকলে নৱজাতকটিৰ মৃতদেহ পুখুৰীত ওপঙি থকাৰ অৱস্থাত প্ৰত্যক্ষ কৰাৰ পিছতে এই ঘটনা পোহৰলৈ আহে। তাৰ পিছতে তেওঁলোকে তৎক্ষণাত ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে।

জানিব পৰা মতে অভিযুক্ত মহিলাগৰাকীয়ে নিজৰ দাম্পত্যসংগীকো প্ৰসৱৰ বিষয়ে অৱগত কৰা নাছিল।

মৃতদেহ উদ্ধাৰৰ পিছতে আৰক্ষীয়ে পিতৃ আৰু অভিযুক্ত মাতৃক সোধাপোছাৰ বাবে নিজৰ জিম্মাত লৈ যায়।

এই ঘটনাক লৈ স্থানীয় ৰাইজে আইনী কৰ্তৃপক্ষক উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

Related News