• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সপ্তাহত কেইবাৰ কৰিলে ভাল? যৌন সম্ভোগে বৃদ্ধি কৰে ৰোগ প্ৰতিৰোধ ক্ষমতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2023 5:56 pm
290
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰেমৰ প্ৰকাশেই হওঁক বা শাৰীৰিক সকাহেই হওঁক; যৌনতা আমাৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ। নিয়মীয়া যৌন সম্ভোগৰো আছে যথেষ্ট শাৰীৰিক উপকাৰ। শেহতীয়াকৈ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ে সম্পন্ন কৰা এক অধ্যয়নত প্ৰকাশ পাইছে এই কথা।

পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে বিশ্ববিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ মাজত কৰা এক অধ্যয়নত স্পষ্টভাৱে ইংগিত পোৱা গৈছে যে যিসকল ছাত্ৰ–ছাত্ৰীয়ে সপ্তাহত এবাৰতকৈ অধিক যৌন সম্পৰ্ক স্থাপন কৰে তেওঁলোকৰ বীজাণু আৰু ভাইৰাছৰ প্ৰতিৰোধ ক্ষমতা অধিক। আনকি, তেওঁলোকৰ শৰীৰত উৎপন্ন হোৱা এন্টিব’ডিৰ পৰিমাণ আনতকৈ বেছি।

Apply Now

কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, ছান ফ্ৰান্সিস্কোৰ এক অধ্যয়নেও একে দিশলৈ আঙুলিয়াই দিয়ে। গৱেষকসকলৰ মতে, যিসকলে সপ্তাহত কমেও দুইৰ পৰা তিনিবাৰকৈ যৌন সম্পৰ্ক স্থাপন কৰে, তেওঁলোক আনতকৈ বহুত সুস্থ।

গৱেষণাৰ মতে, যদি আপুনি নিয়মিত যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে শৰীৰত IgA নামৰ এন্টিব’ডি প্ৰায় ৩০ শতাংশ বৃদ্ধি পায়। ফলত চৰ্দি আৰু কাহৰ সমস্যা বহু পৰিমাণে কমি যায়।

নিয়মীয়া যৌন সম্পৰ্কই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয় হৃদযন্ত্ৰক সুস্থ কৰি ৰখাতো সহায় কৰে। বিশেষজ্ঞসকলে সুস্বাস্থ্য বজাই ৰাখিবলৈ সপ্তাহত কমেও তিনিৰ পৰা পাঁচ দিন ব্যায়াম কৰাৰ পৰামৰ্শ দিয়ে। নিয়মীয়া ব্যায়ামৰ বাবে সময় নাথাকিলে যৌন সম্ভোগ ব্যায়ামৰ বিকল্প হিচাপে পৰিগণিত হ’ব পাৰে বুলি বিশেষজ্ঞসকলে কয়। নিয়মিত যৌন সম্পৰ্কেও মহিলাৰ ৰক্তচাপৰ সমস্যা হ্ৰাস কৰাত যথেষ্ট সহায় কৰে।

জানো আহক, নিয়মীয়াকৈ সংগম কৰিলে স্বাস্থ্যৰ কি কি লাভ হয়?

১) নিয়মিত সংগমৰ ফলত শৰীৰত টেষ্টষ্টেৰন আৰু ইষ্ট্ৰজেন হৰম’নৰ নিঃসৰণ বৃদ্ধি পায়। ফলত পুৰুষ আৰু মহিলা উভয়ৰে হাড়ৰ শক্তি বৃদ্ধি পায়। যৌনতাই পেশীবোৰ টান আৰু সতেজ কৰি ৰখাতো সহায় কৰে।

২) যৌন সম্পৰ্কৰ সময়ত ড’পামিন, এণ্ড’ৰ্ফিন আৰু চেৰ’টনিন আদি হৰম’ন নিৰ্গত হয়। এই সকলোবোৰ হৰম’ন তেজৰ লগত মিহলি হৈ বিষ উপশম কৰাত সহায় কৰে। ঋতুস্ৰাৱৰ বিষ, মাইগ্ৰেইনৰ দৰে বেমাৰবোৰো সংগমৰ প্ৰভাৱত নিৰাময় হয়।

৩) শাৰীৰিক সংগমৰ ফলত মানসিক চাপৰ হৰম’ন কৰ্টিছলৰ নিঃসৰণ হ্ৰাস পায়। ফলত মানসিক চাপ কমি যায়। টোপনি ভাল হয়। শৰীৰ আৰু মন দুয়োটা শান্ত হোৱাৰ বাবে টোপনি সোনকালে আহে।

৪) ভাল শাৰীৰিক সম্পৰ্কই ৰক্ত সঞ্চালন বৃদ্ধি কৰে। ফলত ছাললৈ অধিক অক্সিজেন পৰিবহন হয়। যৌন সম্পৰ্কৰ সময়ত নিৰ্গত হোৱা ঘামৰ যোগেদিও শৰীৰৰ বিষাক্ত পদাৰ্থ আঁতৰি যায়। ফলত ছালৰ সতেজতা আৰু উজ্জ্বলতা বৃদ্ধি পায়।

৫) বিভিন্ন গৱেষণাৰ পৰা দাবী কৰা হৈছে যে যৌন সম্পৰ্কৰ ফলত প্ৰষ্টেট কেন্সাৰৰো সম্ভাৱনা হ্ৰাস পায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd