কাশ্মীৰত উলটিল খেল! পৰাজয় মানি ল’লে ওমৰ আব্দুল্লা আৰু মেহবুবা মুফতিয়ে

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই বাৰামুল্লা লোকসভাৰ আসনৰ পৰা পৰাজয় মানি লৈ বৰ্তমান ইউএপিএ গোচৰত তিহাৰ কাৰাগাৰত বন্দী হৈ থকা নিৰ্দলীয় প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক অভিযন্তা আব্দুল ৰছিদক অভিনন্দন জনাইছে।

জম্মু-কাশ্মীৰ নেচনেল কনফাৰেঞ্চৰ উপ-সভাপতি ১.২৯ লাখ ভোটত পিছ পৰি আছে। এগজিট প’লত আব্দুল্লাৰ জয়ৰ ভৱিষ্যদ্বাণী কৰা হৈছিল। কিন্তু মঙলবাৰে বাৰামুল্লা ডিগ্ৰী কলেজত গণনা আৰম্ভ হোৱাৰ পিছত আৰম্ভণিৰে পৰাই ৰছিদে নিজৰ অগ্ৰগতি বজাই ৰাখিছে, যিটো গণনাৰ প্ৰতিটো ৰাউণ্ডৰ লগে লগে মজবুত হৈ আহিছে।

আব্দুল্লাই কয় যে ‘মই ভাবো যিটো অনিবাৰ্য তাক মানি লোৱাৰ সময় আহি পৰিছে। উত্তৰ কাশ্মীৰত অভিযন্তা ৰছিদক জয়লাভ কৰাৰ বাবে অভিনন্দন জনাইছো। তেওঁৰ বিজয়ত তেওঁৰ জেলৰ পৰা মুক্তি ক্ষিপ্ৰ হ’ব বুলি মই বিশ্বাস নকৰো বা উত্তৰ কাশ্মীৰৰ জনসাধাৰণে প্ৰাপ্য প্ৰতিনিধিত্ব নাপাব বুলিও মই বিশ্বাস নকৰো, কিন্তু ভোটাৰসকলে কথা কৈছে আৰু গণতন্ত্ৰত সেইটোৱেই গুৰুত্বপূৰ্ণ।

জম্মু-কাশ্মীৰ আৰু লাডাখৰ ৬খন আসনৰ ভিতৰত নেচনেল কনফাৰেঞ্চে দুখন আসনত, ভাৰতীয় জনতা পাৰ্টিয়ে দুখন আসনত আৰু নিৰ্দলীয় দলে দুখনকৈ আসনত অগ্ৰগতি লাভ কৰিছে।

তিহাৰ জেলৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ৰছিদে। তেওঁৰ পুত্ৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ অবৰাৰ ৰছিদে গোটেই নিৰ্বাচনৰ সময়ছোৱাত তেওঁৰ হৈ প্ৰচাৰ চলাইছিল।

ৰছিদে ২৯১,৬১০ টা ভোট লাভ কৰি আব্দুল্লাতকৈ ১,৩৪,৭০৫ টা ভোটত আগবাঢ়ি আছে। আব্দুল্লাই ১৫৬,৯০৫ টা ভোট লাভ কৰিছে। ৯৮,৬০৩টা ভোট লাভ কৰি তৃতীয় স্থানত আছে পিপলছ কনফাৰেন্সৰ অধ্যক্ষ ছাজ্জাদ ল’নে।

ইপিনে, পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ সভানেত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে অনন্তনাগ-ৰাজৌৰী লোকসভাৰ আসনত নেচনেল কনফাৰেঞ্চৰ প্ৰাৰ্থী মিঞা আলতাফতকৈ ২২২,৮৩১টা ভোটত পিছ পৰি আছে।

অনন্তনাগ-ৰাজৌৰী লোকসভা আসনৰ পৰা পৰাজয় স্বীকাৰ কৰা মেহবুবা মুফতিয়ে এক্সত লিখিছে, ‘জনতাৰ ৰায়ক সন্মান জনাই মোৰ পিডিপি কৰ্মী আৰু নেতাসকলক সকলো বিপদৰ মাজতো তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু সমৰ্থনৰ বাবে ধন্যবাদ জনাইছো। মোক ভোট দিয়া সকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা জনাইছো। জয়-পৰাজয় খেলৰ অংশ আৰু আমাক আমাৰ পথৰ পৰা বিৰত কৰাব নোৱাৰে। মিঞা ডাঙৰীয়াক জয়ৰ বাবে অভিনন্দন।

শ্ৰীনগৰ লোকসভাৰ আসনত নেচনেল কনফাৰেঞ্চৰ আঘা চৈয়দ ৰুহুল্লাহ মেহদীয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী পিপলছ ডেম’ক্ৰেটিক ফ্ৰণ্টৰ ৱাহিদ পাৰাৰ বিৰুদ্ধে আগবাঢ়ি আছে, আনহাতে জম্মু আৰু উধমপুৰৰ পৰা ক্ৰমে বিজেপিৰ সাংসদ যুগল কিশোৰ শৰ্মা আৰু জিতেন্দ্ৰ সিঙে আগবাঢ়ি আছে।

লাডাখত কংগ্ৰেছ প্ৰাৰ্থীৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী হানিফা জান ২৭,৯৯৭টা ভোটত আগবাঢ়ি আছে। ২০১৯ চনত এই আসন লাভ কৰা বিজেপি তৃতীয় স্থানত আছে।