Breaking News ভাৰতত প্ৰৱেশ কৰিলে কালান্তক ভাইৰাছ অমিক্ৰনে, কৰ্ণাটকত আক্ৰান্ত দুজন

Omicron

কোভিডৰ নৱ সংস্কৰণ অমিক্ৰণ ভাইৰাছ আহি অৱশেষত ভাৰত পালেহি।

আজি দক্ষিণৰ ৰাজ্য কৰ্ণাটকত প্ৰথমবাৰৰ বাবে দুজন লোকৰ দেহত ধৰা পৰে মাৰাত্মক অমিক্ৰনৰ উপস্থিতি।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে এই কথা নিশ্চিত কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰৰ যুটীয়া সচিব লাভ আগৰৱালাই কয় যে দেশত প্ৰথম বাৰৰ বাবে ধৰা পৰিছে অমিক্ৰনৰ উপস্থিতি।

আক্ৰান্ত এগৰাকী লোকৰ বয়স ৬৬ বছৰ আৰু আনগৰাকীৰ বয়স ৪৬ বুলি কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰিছে।

কৰ্ণাটকত অমিক্ৰনত আক্ৰান্ত দুয়োজন লোকেই দক্ষিণ আফ্ৰিকাৰ লোক বুলি জানিব পৰা গৈছে। ব্যৱসায়িক কামত তেওঁলোকে ১১ নৱেম্বৰ আৰু ২০ নৱেম্বৰত বাংগালুৰুলৈ আহিছিল।

তিনিদিন পূৰ্বে কোভিড পৰীক্ষা কৰোৱাত লোক দুজনৰ কোভিড পজিটিভ পোৱা গৈছিল।

কোভিড পজিটিভ দক্ষিণ আফ্ৰিকাৰ লোক দুজনৰ লক্ষণসমূহ চাই কৰ্ণাটকৰ স্বাস্থ্যমন্ত্ৰী কে সুধাকৰে অধিক পৰীক্ষাৰ নিৰ্দেশ দিছিল।

অধিক পৰীক্ষাৰ পিছতে তেওঁলোক কোভিডৰ অমিক্ৰন প্ৰজাতিত আক্ৰান্ত বুলি জানিব পৰৈা যায়।

কোভিডৰ এই ভাইৰাছ ভিধত আক্ৰান্ত দুয়োগৰাকী লোকেই কৰ্ণাটকৰ বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখ্য অমিক্ৰন ভাইৰাছ প্ৰথমে দক্ষিণ আক্ৰিকাত চিনাক্ত হোৱাৰ পিছতে বিশ্বৰ ২৯ খন দেশত বিয়পি পৰিছে।

ভাৰত চৰকাৰে ইতিমধ্যে অমিক্ৰনৰ সংক্ৰমন ৰোধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।