NORTHEAST NOW (Assamese)

আমিৰ খানৰ জন্মদিন, কৰীণাৰ পৰা মোহনলাললৈকে সকলোৱে জনালে শুভকামনা

March 14, 2021 5:54 pm · এন ই নাও নিউজ
Updated: March 14, 2021 5:55 pm

আজি ৫৬ বছৰীয়া হ’ল আমিৰ খান।

বলিউডৰ ছুপাৰষ্টাৰজনৰ জন্মদিন উপলক্ষে ইতিমধ্যে চ’চিয়েল মিডিয়াত শুভকামনাৰ জোৱাৰ উঠিছে।

কৰীণা কাপুৰৰ পৰা মহেশ বাবুলৈকে, সকলোৱে আমিৰক জন্মদিনৰ শুভকামনা জনাইছে।

কৰীণা কাপুৰে ইনষ্টাগ্ৰামত অভিনেতাজনক মৰমতে ‘লাল’ বুলি সম্বোধন কৰি লিখে যে আমিৰৰ দৰে আন কোনো হ’ব নোৱাৰে।

 

View this post on Instagram

 

A post shared by Kareena Kapoor Khan (@kareenakapoorkhan)

উল্লেখযোগ্য যে কৰীণা কাপুৰৰ মুক্তি পাব লগা শেহতীয়া ছৱি ‘লাল সিং চাধ্ধা’ আমিৰ খানৰ লগত অভিনয় কৰিছে।

ইনষ্টাগ্ৰাম প’ষ্টটোত কৰীণাই চিনেমাখনত আমিৰৰ পাঞ্জাৱী লুকছটোৰ ফটোও সংলগ্ন কৰিছে।

অনুষ্কা শৰ্মাইও ইনষ্টাগ্ৰামৰ যোগেৰে আমিৰ খানৰ ধুম-৩ চিনেমাখনৰ এখন ফটো আপলোড কৰি অভিনেতাজনক শুভকামনা জনাইছে।

মালায়লম অভিনেতা মোহনলালে টুইটাৰ যোগেৰে অভিনেতাজনক শুভকামনা জনাইছে।

ফটোগ্ৰাফাৰ অৱিনাশ গোৱাৰিকাৰ টুইটাৰত শুভকামনা জনাই কৈছে যে আগুৱাই যোৱা।

তেওঁ আমিৰৰ স’তে তোলা কেইবাখনো ফটোও প’ষ্টটোত সংলগ্ন কৰিছে।

দক্ষিণ ভাৰতৰ চুপাৰষ্টাৰ মহেশ বাবুৱেও আমিৰক শুভকামনা জনাইছে।

উল্লেখযোগ্য যে জুহি চাওলাৰ স’তে ‘কায়ামত সে কায়ামত তক’ নামৰ চিনেমখানৰ যোগেৰে চিনেমাৰ পৰ্দাত অভিষেক ঘটা অভিনেতাজনে অলেখ জনপ্ৰিয় চিনেমাত অভিনয় কৰি দৰ্শকৰ হৃদয়ত স্থান লাভ কৰিছে।

ৰাজা হিন্দুস্তানী, গুলাম, লাগান, দিল চাহতা হ্যে, তাৰে জমিন পৰ, গজিনী, ৰং দে বাসন্তী, ফানা, থ্ৰী ইডিয়ছ, তালাছ, পিকে, ধোবী ঘাটৰ দৰে চিনেমাসমূহ বলিউডৰ অন্যতম উল্লেখযোগ্য চিনেমা।

তদুপৰি কেইবাখনো চিনেমাৰ প্ৰযোজক-পৰিচালক হিচাপেও তেওঁ কাম কৰিছে।

Related News